গোলকগঞ্জঃ ৰাজহুৱা ধনৰ অপচয় কৰে খোদ চৰকাৰে৷ কোটি কোটি টকা খৰছ কৰি আঁচনি নিৰ্মাণ কৰে যদিও বহু সময়ত ব্যৱহাৰ নোহোৱাকৈয়ে সেইবোৰ জহি খহি যায়৷ চূণ-তেল সনা এখন চিকিৎসালয়ো জহি-খহি যোৱাৰ উপক্ৰম হৈছে৷ চিকিৎসালয়খনত যোৱা এটা বছৰে নাই চিকিৎসক-নাৰ্ছ৷
যোৱা তিনিবছৰে চিকিৎসালয়খনত ওলমি আছে তলা৷ ধুবুৰী জিলাৰ বি টি এ ডিৰ সমীপৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত পাগলাহাটত এক কোটি ১৪ লাখ টকা ব্যয় সাপেক্ষে ২০১৪ চনৰ ৭ চেপ্তেম্বৰত পাগলাহাট নতুন প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ নামেৰে এখন চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত৷