বেইজিংঃ চীনৰ উহান চহৰত এদিনতেই ১৩ হাজাৰৰো অধিক লোক কৰ’নাত সংক্ৰমিত হোৱাৰ বাতৰি আহিছিল। কিন্তু যোৱা দুদিনত এই চহৰখনৰ পৰা অহা নাই এটাও সংক্ৰমণৰ বাতৰি। ক্ৰমাৎ মহামাৰীমুক্ত হৈ পৰা চীনৰ এই চহৰখনৰ পৰা চৰকাৰে 'লকডাউন’ৰ নিচিনা নিষেধাজ্ঞাবোৰ লাহে লাহে শিথিল কৰি আনিছে আৰু চহৰখনত চীনে ৰেলসেৱাও পুনৰ আৰম্ভ কৰিছে৷ উহান চহৰৰ নাগৰিকে এতিয়া ৰেলত উঠি বেইজিং চহৰলৈও অহা-যোৱা কৰিব পাৰিছে৷

চীনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠান ঝিনুহাৰ মতে এতিয়া দেশখনত কৰ’না ভাইৰাছৰ যি দুই এটা বাতৰি আহি আছে সেইবোৰৰ বেছিভাগেই দেশৰ বাহিৰৰ পৰা অহা মানুহৰ গাত ধৰা পৰা ঘটনাহে৷ এনেদৰে কৰ’না ভাইৰাছৰ দৰে ভয়াৱহ মহামাৰীক অতি কম সময়তে নিয়ন্ত্ৰণ কৰি চীনৰ চৰকাৰ আৰু নেতাসকলে সমগ্ৰ বিশ্বৰে শলাগৰ পাত্ৰ হৈ পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থায়ো চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিঙৰ প্ৰশংসা কৰি কয় যে বিশ্বৰ সকলো দেশেই চীনৰ পৰা শিক্ষা লোৱা উচিত৷     

চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিঙে সময় থাকোতেই গোটেই দেশখনক এই ভয়াৱহ বেমাৰবিধৰ প্ৰতি কেৱল সজাগেই কৰা নাছিল, অতি জৰুৰীকালীনভাৱে তেওঁ দেশখনৰ চিকিৎসা ব্যৱস্থাক অতি চতুৰতাৰে ব্যৱহাৰ কৰিছিল৷ জিংপিঙৰ নেতৃত্বত চীনে অতি কম সময়ৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পৰা হস্পিটাল, লেবৰেটৰী, বেমাৰ পৰীক্ষা আদিৰ ব্যৱস্থা কৰি হুবেইৰ উহান চহৰৰ সীমা ছীল কৰি দিছিল৷  

উহানত মাত্ৰ দুই সপ্তাহৰ ভিতৰত ২৬০০ বিচনাযুক্ত মেকশ্বিফ্ট হাস্পতাল নিৰ্মাণ কৰা হৈছিল৷ ঝিনুহাৰ বাতৰি মতে উহানৰ জিম আৰু প্ৰদৰ্শনীস্থলবোৰক অধিগ্ৰহণ কৰি সেইবোৰক ১৬ খন অস্থায়ী হাস্পতাললৈ ৰূপান্তৰিত হৈছিল, যিবোৰত আছিল ১৩ হাজাৰ ৰোগীক ৰাখিব পৰা বিচনাৰ ব্যৱস্থা।

কেৱল এয়াই নহয়, চীনৰ স্বাস্থ্য বিভাগে এই কৰ’না মহামাৰীৰ বিৰুদ্ধে তেওঁলোকৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছিল আৰু সংক্ৰমিত ৰোগীসকলক লগে লগে হাস্পতালত ভৰ্তি কৰিছিল৷ চীনৰ এই প্ৰশাসনীয় তৎপৰতাক প্ৰশংসা কৰি বিখ্যাত মেডিকেল জাৰ্নেল The Lancet-এ সম্পাদকীয়ত এইদৰে লিখিছে, ‘‘চীনৰ এই সফলতাৰ কাৰণে দেশখনৰ প্ৰশাসনীয় ব্যৱস্থাটো ধন্যবাদৰ পাত্ৰ৷ যিকোনো বিপদৰ সময়ত দেশখনৰ শক্তিশালী প্ৰশাসনীয় ব্যৱস্থাটোৱে অতি তৎপৰতাৰে কামত লাগি যায় আৰু দেশখনৰ বিপদৰ সময়ত দেশখনৰ নাগৰিকসকলেও আইন-কানুন মানি চলি সহযোগ কৰে৷’’

লকডাউন কেনেকৈ সফল কৰি তুলিছিল চীনে?

লকডাউনৰ সময়চোৱাত চীনৰ চৰকাৰে নাগৰিকসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ ঘৰতে যোগান ধৰাৰ ব্যৱস্থা কৰাৰ ফলত জনসাধাৰণে খাদ্য-সামগ্ৰী বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল৷ গতিকে চীনত নাগৰিকসকলে ছ’চিয়েল ডিষ্টেন্সিং ব্যৱস্থাটো অতি নিৰিয়াকৈ পালন কৰিব পাৰিছিল৷

হুবেই প্ৰভিন্সৰ উহান চহৰত ৰোগবিধ ধৰা পৰাৰ লগে লগে চীন চৰকাৰে সমগ্ৰ চহৰখনৰ পৰা বাহিৰলৈ ওলাই যোৱা পথসমূহ বন্ধ কৰি দিছিল। একেদৰে হুবেই চহৰতো অনুৰূপ ব্যৱস্থা কৰিছিল চীনা প্ৰশাসনে। ইয়াৰ ফলত ভাইৰাছবিধ উহানৰ পৰা দেশখনৰ বাকী ঠাইসমূহলৈ বিয়পি নগ’ল। বিবিচিত প্ৰকাশিত বাতৰি মতে লকডাউনৰ সময়ছোৱাত চীনে অধিকাংশ লোককে টেষ্টিঙৰ ব্যৱস্থা কৰিছিল। 

অত্যাধিক মাত্ৰাত কৰা বিনামূলীয়া টেষ্টিঙৰ বাবে ৰোগৰ লক্ষণসমূহ দেখা দিয়াৰ আগতেই ধৰা পৰিছিল আৰু লগে লগে চিকিৎসালয়ত ভৰ্তি কৰাত আন লোকলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা হ্ৰাস পাইছিল। উহানত লকডাউনৰ সময়ছোৱাত দেশৰ বাকী প্ৰান্তৰ লোকসকলকো এই বিষয়ে সজাগ কৰি তোলাত ৰোগবিধ কেৱল উহানতে সীমাৱদ্ধ হৈ থাকে।

এই লকডাউনৰ সময়ছোৱাতেই চীনে টেষ্টিং কীট তৈয়াৰ কৰাৰ লগতে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ঔষধ আৰু ভেকছিন তৈয়াৰ কৰাৰ দিশতো কাম আৰম্ভ কৰিছে৷ প্ৰকাশিত বাতৰি অনুযায়ী চীনে বিশ্বৰ বাকী দেশবোৰৰ সৈতে লগলাগি ভেকচিন প্ৰস্তুতৰ দিশত অতি তৎপৰতাৰে কাম কৰি আছে৷

দেশখনে এই মহামাৰীৰ বিৰুদ্ধে কৰা যুদ্ধখনত টেকন’লজিৰ প্ৰয়োগো আছিল গুৰুত্বপূৰ্ণ৷ চীনা প্ৰশাসনে ঔষধ ছটিয়াবলৈ ৰবটৰ প্ৰয়োগ কৰাৰ লগতে ড্ৰ’নৰো সহায় লোৱা দেখা গৈছে। এনেদৰেই চীনে কৰ’না মহামাৰীৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত বিশ্বৰ আন আন দেশসমূহকো এতিয়া সহায় কৰিবলৈ আৰম্ভ কৰিছে৷ দেশখনে দক্ষিন কোৰিয়াক মাস্ক আৰু সুৰক্ষামূলক পোচাক আৰু পাকিস্থান, ইৰান, জাপান তথা আফ্ৰিকান ইউনিয়নৰ দেশসমূহকো টেষ্টিং কিটৰ যোগান ধৰিছে৷

উল্লেখ্য যে উৎপত্তিস্থল চীনত ৰোগবিধ নিয়ন্ত্ৰণ হোৱাৰ সময়তে ই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ইউৰোপ আৰু আমেৰিকাত। ইউৰোপৰ ইটালীত চীনতকৈ দুগুণ লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। আনহাতে আমেৰিকাত আক্ৰান্ত লোকৰ সংখ্যাই চীনকো অতিক্ৰম কৰিছে। ভাৰততো ৰোগবিধে ক্ৰমাৎ দ্ৰুত গতিৰে এজনৰ পৰা আনজনলৈ বিয়পিবলৈ লৈছে। লকডাউন ঘোষণা কৰিলেও অত্যাৱশ্যাকীয় সামগ্ৰী ঘৰতে উপলব্ধ কৰোৱাত চৰকাৰ-প্ৰশাসন ব্যৰ্থ হোৱাত দেশৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি।