লণ্ডনঃ বয়স আৰু স্বাস্থ্যৰ অৱস্থা অনুসৰি কৰ’না (covid-19)ত আক্ৰান্ত হ’লে প্ৰাণহানিৰ আশংকা প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ। এইকথা ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। কিন্তু কিছু শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য। সেয়া হৈছে, মহিলাৰ তুলনাত পুৰুষৰ কৰ’নাত আক্ৰান্ত আৰু মৃত্যু হোৱাৰ সম্ভাৱনা বহুখিনি বেছি।
কথাটো প্ৰথমতে চকুত পৰিছিল চীনত। দেশখনত কৰ’নাত আক্ৰান্ত পুৰুষৰ মৃত্যুৰ হাৰ ২.৪ শতাংশ হোৱাৰ বিপৰীতে নাৰীৰ ক্ষেত্ৰত এই হাৰ হৈছে ১.৭ শতাংশ। পৰৱৰ্তী সময়ত এই একেটা ঘটনা দেখিবলৈ পোৱা গ’ল ইটালী, স্পেইন, দক্ষিণ কোৰিয়া আৰু জাপানতো। ইটালীত মৃত কৰ’না ৰোগীৰ প্ৰায় ৭১ শতাংশই হৈছে পুৰুষ। একেদৰে স্পেইনত এতিয়ালৈকে মহিলাৰ তুলনাত প্ৰায় দুগুণ পুৰুষে এই ৰোগত প্ৰাণ হেৰুৱাইছে।