বেইজিংঃ চীনৰ উহান চহৰত এদিনতেই ১৩ হাজাৰৰো অধিক লোক কৰ’নাত সংক্ৰমিত হোৱাৰ বাতৰি আহিছিল। কিন্তু যোৱা দুদিনত এই চহৰখনৰ পৰা অহা নাই এটাও সংক্ৰমণৰ বাতৰি। ক্ৰমাৎ মহামাৰীমুক্ত হৈ পৰা চীনৰ এই চহৰখনৰ পৰা চৰকাৰে ‘লকডাউন’ৰ নিচিনা নিষেধাজ্ঞাবোৰ লাহে লাহে শিথিল কৰি আনিছে আৰু চহৰখনত চীনে ৰেলসেৱাও পুনৰ আৰম্ভ কৰিছে৷ উহান চহৰৰ নাগৰিকে এতিয়া ৰেলত উঠি বেইজিং চহৰলৈও অহা-যোৱা কৰিব পাৰিছে৷
চীনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠান ঝিনুহাৰ মতে এতিয়া দেশখনত কৰ’না ভাইৰাছৰ যি দুই এটা বাতৰি আহি আছে সেইবোৰৰ বেছিভাগেই দেশৰ বাহিৰৰ পৰা অহা মানুহৰ গাত ধৰা পৰা ঘটনাহে৷ এনেদৰে কৰ’না ভাইৰাছৰ দৰে ভয়াৱহ মহামাৰীক অতি কম সময়তে নিয়ন্ত্ৰণ কৰি চীনৰ চৰকাৰ আৰু নেতাসকলে সমগ্ৰ বিশ্বৰে শলাগৰ পাত্ৰ হৈ পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থায়ো চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিঙৰ প্ৰশংসা কৰি কয় যে বিশ্বৰ সকলো দেশেই চীনৰ পৰা শিক্ষা লোৱা উচিত৷