Home বিশ্বকেনেদৰে ইৰাণৰ হৰ্তা-কৰ্তা হৈ পৰিছিল আয়াতুল্লাহ খোমেইনি? বলে পাৰিবনে ইজৰাইলক?

কেনেদৰে ইৰাণৰ হৰ্তা-কৰ্তা হৈ পৰিছিল আয়াতুল্লাহ খোমেইনি? বলে পাৰিবনে ইজৰাইলক?

by News Next One
A+A-
Reset

পশ্চিম এছিয়াৰ ভূ-ৰাজনীতিত এতিয়া চৰম উত্তেজনাই বিৰাজ কৰিছে। ইজৰাইল আৰু ইৰাণৰ মাজত বিগত ৬ দিন ধৰি চলি থকা প্ৰত্যক্ষ সামৰিক সংঘাতে আকৰ্ষণ কৰিছে বিশ্বৰ দৃষ্টি। এই সংঘাতৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনিক লক্ষ্য কৰি দিয়া সাম্প্ৰতিক মন্তব্যই উত্তেজনাক নতুন মাত্ৰা দিছে। শেহতীয়াকৈ এই সকলোবোৰৰ মাজত প্ৰকাশ পাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হস্তক্ষেপৰ কথাও। যাৰ ফলত পৰিস্থিতিক লৈ উদ্বেগ আৰু অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনিৰ নাম পশ্চিম এছিয়াৰ ৰাজনীতিৰ এক শক্তিশালী প্ৰতীক। তেওঁৰ নেতৃত্বই ইৰাণক এটা শক্তিশালী ইছলামিক গণৰাজ্য হিচাপে গঢ়ি তুলিছে, কিন্তু একে সময়তে ইজৰাইলৰ সৈতে তেওঁৰ কঠোৰ অৱস্থানে এই অঞ্চলত উত্তেজনাৰো সৃষ্টি কৰিছে। খোমেইনিয়ে বাৰে বাৰে ইজৰাইলৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰি আহিছে, ইজৰাইলক পশ্চিম এছিয়াৰ এটা “কৰ্কট ৰোগৰ দৰে টিউমাৰ” বুলি অভিহিত কৰিছে, যাক সমুলঞ্চে নিৰ্মূল কৰাৰ প্ৰয়োজন। তেওঁৰ এই কথাৰ পৰা স্পষ্ট যে তেওঁ ইজৰাইলৰ অস্তিত্বক মানি ল’বলৈ ইচ্ছুক নহয়। কিন্তু সম্প্ৰতি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে প্ৰথমবাৰৰ বাবে খোমেইনিক লক্ষ্য কৰি এক চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায়, যি মন্তব্য দুই দেশৰ মাজৰ সম্পৰ্কত উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0