শিৱসাগৰঃ শিৱসাগৰ ভটীয়াপাৰৰ বাৰিচুকত অৱস্থিত অ’এন জি চিৰ ১৪৭(এ) নম্বৰ ৰিগত হোৱা গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে অ’এনজিচি। আজি অষ্টম দিনাও অহৰহ গেছ নিৰ্গমন হৈ থকাত বাৰুকৈয়ে জুৰুলা হৈছে স্থানীয় জনসাধাৰণ। গেছ নিৰ্গমনৰ ফলত হোৱা অতি উচ্চ প্ৰাবল্যৰ শব্দত অতিষ্ঠ হৈ পৰিছে সকলো।
স্থানীয় লোকক ৰিগৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ বনগাঁও হাইস্কুলৰ সাহায্য শিবিৰলৈ স্থানান্তৰ কৰিছে, তথাপি শুনা গৈছে বিকট শব্দ। ইয়াৰ উপৰি গৰু, ছাগলী, হাঁহ-কুকুৰা আদি পোহনীয়া পশুধনৰ আলৈ-আথানি হোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। জনতাৰ এনে দুখ-দুৰ্দশাৰ পিছতো অ’ এন জি চি আৰু ৰিগটো ৩ বছৰৰ বাবে লীজত লৈ থোৱা বিতৰ্কিত এছ কে পেট্ৰ’টেক লিমিটেড ঠিকাদাৰ প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবেই গেছ নিৰ্গমন ৰোধ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ উঠিছে।