হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছি। ৰাষ্ট্ৰপতি ৰইছিৰ লগতে হেলিকপ্টাৰখনত থকা দেশখনৰ বিদেশ মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়াৰো মৃত্যু হৈছে। ৰাষ্ট্ৰপতি ৰইছিৰ হেলিকপ্টাৰখন দেওবাৰে দুৰ্ঘটনাত পতিত হৈছিল যদিও সোমবাৰে ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ পিছত নিহত হোৱাতো নিশ্চিত কৰা হয়।

এই দুৰ্ঘটনাত মুঠ ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইৰাণৰ কেবিনেটে এক আনুষ্ঠানিক বিবৃতিযোগে ৰাষ্ট্ৰপতিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু দেশখনৰ শাসন ব্যৱস্থা পূৰ্বৰ দৰেই অব্যাহত থাকিব বুলি জনাইছে। সংবাদ সংস্থা এপিত প্ৰকাশিত বাতৰি মতে হেলিকপ্টাৰখনত দেহৰক্ষী, পাইলট, সহঃপাইলটৰ লগতে সুৰক্ষা প্ৰধানৰ দৰে শীৰ্ষ বিষয়াও উপস্থিত আছিল। ৰয়টাৰ্ছে এগৰাকী ইৰাণৰ চৰকাৰী বিষয়াৰ উধৃতিৰে প্ৰকাশ কৰিছে যে দুৰ্ঘটনাটোত হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে।

হেলিকপ্টাৰ দুৰ্ঘটনা যি স্থানত হৈছে তাত বতৰ বেয়া আছিল। বেয়া বতৰৰ বাবে ঘটনাস্থলীলৈ গৈ উদ্ধাৰকাৰ্য চলোৱাতো যথেষ্ট সমস্যাই দেখা দিয়ে। জানিব পৰা মতে, ৰাষ্ট্ৰপতি ৰইছিয়ে দেওবাৰে আজাৰবাইজানত কিজ কলাছি আৰু খোদাফৰিন বান্ধ উদ্বোধন কৰিবলৈ গৈছিল।

উদ্বোধনী অনুষ্ঠানত ভাগ লৈ ৰইছিয়ে দেশখনৰ পূব আজাৰবাইজান প্ৰদেশৰ ৰাজধানী চহৰ তবৰেজ অভিমুখে আহি আছিল। সেই সময়তে দুৰ্ঘটনাত পতিত হয় ৰইছিৰ হেলিকপ্টাৰ। যি ঠাইত এই দুৰ্ঘটনা সংঘটিত হৈছে সেই ঠাইখিনি তবৰেজ চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ বৰ্জেকানৰ অন্তৰ্গত।


দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ, ফটোঃ এপি

দুৰ্ঘটনাৰ আঁৰত আছে নেকি কোনো ষড়যন্ত্ৰ?

ইব্ৰাহিম ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আঁৰত ইজৰাইল অথবা আমেৰিকাৰ কোনো গোপন ষড়যন্ত্ৰ থাকিব পাৰে বুলিও একাংশ লোকে চৰ্চা আৰম্ভ কৰিছে। অৱশ্যে আমেৰিকাৰ ছিনেটৰ শ্বক শ্বুমাৰে মাৰ্কিন চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়াৰে হোৱা বাৰ্তালাপৰ প্ৰসংগ উল্লেখ কৰি এনে চৰ্চাৰ কোনো বাস্তৱ ভিত্তি নাই বুলি দাবী কৰিছে।

শ্বুমাৰে কয় যে আমেৰিকাই পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে। এক সংবাদমেলত তেওঁ কয়, 'উত্তৰ পশ্চিম ইৰাণৰ যি স্থানত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে তাত বতৰ যথেষ্ট বেয়া আছিল। এনে পৰিস্থিতিত বেয়া বতৰৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অনুমান কৰিব পাৰি। কিন্তু এতিয়াও অনুসন্ধান সম্পূৰ্ণ হোৱা নাই।’

ইফালে, ইৰাণৰ ছ’চিয়েল মিডিয়া ইউজাৰসকলে দুৰ্ঘটনাটোক লৈ প্ৰশ্ন কৰা দেখা গৈছে। ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰখনৰ লগত যোৱা বাকী দুখন হেলিকপ্টাৰ বেয়া বতৰ সত্বেও যদি সুকলমে গন্তব্য স্থান পালে তেন্তে ৰইছিৰ হেলিকপ্টাৰখনহে কিয় দুৰ্ঘটনাগ্ৰস্ত হ’ল বুলি প্ৰশ্ন কৰিছে একাংশ ইৰাণৰ নেটিজেনে।

ইৰাণৰ আকাশমাৰ্গ কিমান নিৰাপদ?

ৰাষ্ট্ৰপতি ৰইছিৰ হেলিকপ্টাৰখন কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল সেয়া এই পৰ্যন্ত স্পষ্টকৈ জানিব পৰা হোৱা নাই। অৱশ্যে এয়া ঠিক যে আকাশীযানৰ পৰিবহণৰ ক্ষেত্ৰত ইৰাণৰ ৰেকৰ্ড মুঠেই ভাল নহয়। দশকৰ পিছত দশক ধৰি আমেৰিকাই আৰোপ কৰি অহা বাধা-নিষেধ ইয়াৰ এক অন্যমত কাৰণ হিচাপে গণ্য কৰি অহা হৈছে। মাৰ্কিন নিষেধাজ্ঞাৰ বাবেই দেশখনৰ বিমান পৰিবহণৰ ক্ষেত্ৰখন আজিও তেনেই পিছপৰি ৰৈছে। 

ৰইছি যিখন হেলিকপ্টাৰত আছিল সেইখন হৈছে 'বেল ২১২’ শ্ৰেণীৰ হেলিকপ্টাৰ। ইউৰো নিউজত প্ৰকাশিত বাতৰি মতে বেল ২১২ মডেলৰ হেলিকপ্টাৰ ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পূৰ্বেই শ্বাহ মহম্মদ ৰেজা পাহালভিৰ শাসনকালত ক্ৰয় কৰা হৈছিল। এই মডেল আমেৰিকাত নিৰ্মাণ কৰা হৈছিল আৰু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছৰে পৰা ইৰাণক সেয়া বিক্ৰী কৰা হোৱা নাছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও একাধিকবাৰ ইৰাণৰ প্ৰতিৰক্ষা আৰু পৰিবহণ মন্ত্ৰীৰ লগতে স্থল আৰু বায়ু সেনাৰ কমাণ্ডাৰো বিমান অথবা হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছিল। 

ইৰাণ চৰকাৰে বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুযায়ী দেশখনৰ বিমান আৰু হেলিকপ্টাৰসমূহৰ আধুনিকীকৰণৰ বাবে পশ্চিমীয়া দেশসমূহৰ সৈতে চুক্তিতো স্বাক্ষৰ কৰিছিল। চুক্তিৰ সময়ত নিষেধাজ্ঞা শিথিল কৰা সন্দৰ্ভতো আলোচনা হৈছিল।   

কিন্তু তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই চুক্তি প্ৰত্যাহাৰ কৰাৰ লগতে পুনৰ নিষেধাজ্ঞা আৰোপ কৰাত আলোচনা আধাতে স্থবিৰ হৈ পৰে। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে পশ্চিমীয়া দেশসমূহৰ সৈতে বিশেষজ্ঞই আলোচনা আগবঢ়াবলৈ দিয়া পৰামৰ্শকো ইৰাণৰ কট্টৰপন্থী লোকসকলে বিৰোধিতা কৰিছিল আৰু স্বদেশী প্ৰযুক্তিৰে বিমান তথা হেলিকপ্টাৰ নিৰ্মাণত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছিল।


সুকলমে গন্তব্যস্থান পোৱা ৰইছিৰ কনভয়ৰ এখন হেলিকপ্টাৰ

৫০ দিনৰ ভিতৰত হ’ব নিৰ্বাচন

ইব্ৰাহিম ৰইছিৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতিৰ ক্ষমতা সাময়িকভাৱে উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবৰে লাভ কৰিব। ইয়াৰ মাজতে অহা ৫০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। ইৰাণত কিছুদিন পূৰ্বে সংসদীয় নিৰ্বাচন সম্পন্ন হৈছিল। এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল যথেষ্ট কম। ইৰাণত শেহতীয়া নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ত ৪১ শতাংশ ভোটাৰে আৰু ৰাজধানী তেহৰানত মাত্ৰ ৭ শতাংশ লোকেহে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

ধৰ্মীয় গোড়ামি আৰু একপ্ৰকাৰ একনায়কত্ববাদৰ দিশে অগ্ৰসৰ হোৱা দেশখনৰ আধাৰো অধিক জনসংখ্যাই ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ কট্টৰপৰন্থী ৰাজনৈতিক দলৰ প্ৰকৃত বিকল্প দল আৰু নেতাসকলক চৰকাৰে বছৰৰ পিছত বছৰ ধৰি নিৰ্বাচনত ভাগ লোৱাত বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰি আহিছে। 

এনে পৰিপ্ৰেক্ষিতত দিনদিয়েক পূৰ্বে হৈ যোৱা নিৰ্বাচনত তেনেই কম সংখ্যক লোকেহে ভোটদান কৰা দেখা গৈছিল। বিচাৰি থকা বিকল্পৰ কোনো সন্ধান লাভ নকৰাত তথা পৰিৱৰ্তনৰ কোনো আশা নথকাত অধিকাংশ জনসাধাৰণেই নিৰ্বাচন তথা ৰাজনীতিৰ পৰা নিজকে একাষৰীয়া কৰি ৰাখি আহিছে। ফলত দেশখনত অহা ৫০ দিনৰ ভিতৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাত যথেষ্ট জটিলতাই দেখা দিব পাৰে বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।


দুৰ্ঘটনাত নিহত ইৰাণৰ বিদেশমন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়া

৫০০০ লোকৰ মৃত্যুদণ্ড আৰু ৰইছি...

মৃত্যুৰ সময়ত ৰাষ্ট্ৰপতি ৰইছিৰ বয়স আছিল ৬৩ বছৰ। ৰইছিৰ জন্ম হৈছিল ১৯৬০ চনত উত্তৰ-পূব ইৰাণৰ চহৰ মশ্বহদত। এই  চহৰখনতে আছে ছিয়া মুছলমানসকলে আটাইতকৈ পৱিত্ৰ হিচাপে গণ্য কৰি অহা এটা মছজিদ। কম বয়সতে ৰইছিয়ে সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ আৰম্ভ কৰিছিল। 

ৰইছিৰ দেউতাক আছিল এগৰাকী মৌলৱী। ৫ বছৰ বয়সতে পিতৃক হেৰুৱাইছিল ৰইছিয়ে। পিতৃৰ আদৰ্শ অনুসৰণ কৰি ৰইছিয়ে ১৫ বছৰ বয়সত কোম চহৰস্থিত এখন ছিয়া শিক্ষানুষ্ঠানত পঢ়িবলৈ আৰম্ভ কৰে। ২০ বছৰ বয়সত ৰইছিয়ে তেহৰানৰ সমীপৰ কৰাজৰ মহা-অভিযোজক (ন্যায়াধীশ) পদত অধিষ্ঠিত হয়। ১৯৮৯ চনৰ পৰা ১৯৯৪ চনলৈকে ৰইছিয়ে তেহৰানৰ মহা-অভিযোজক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ইয়াৰ পিছত ২০০৪ চনৰ পৰা এক দশক ধৰি ন্যায়িক প্ৰাধিকৰণৰ উপ-প্ৰধান হিচাপে কাম কৰে।

২০১৪ চনত তেওঁ ইৰাণৰ মহা-অভিযোজক পদত অধিষ্ঠিত হয়। ইৰাণৰ ন্যায়পালিকাৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা ৰইছি ৰাজনৈতিকভাৱে 'অতি কট্টৰপন্থী’ হিচাপে পৰিচিত। 'ডেথ কমিটি’ নামেৰে জনাজাত গোপন ট্ৰিবিউনেলকো নেতৃত্ব দিছিল ৰইছিয়ে। এই ট্ৰিবিউনেল কমিটিয়ে ইৰাণৰ বাওপন্থী বিচাৰধাৰাৰ মুজাহিদীন-এ-খল্কা (এমইকে) আৰু পিপলছ মুজাহিদীন অৰ্গেনাইজেশ্যন অব ইৰাণ (পিএমঅ’আই)ৰ সদস্য অতি কমেও ৫০০০ কাৰাবন্দী পুৰুষ-মহিলাক মৃত্যুদণ্ড বিহিছিল। ফাঁচীৰ পিছত এইসকল বাওপন্থী বিচাৰধাৰাৰ লোকক অজ্ঞাত স্থানত কবৰ দিয়া হৈছিল। আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ সংস্থাই ইয়াকে লৈ ইৰাণ চৰকাৰ তথা দেশখনৰ ন্যায় ব্যৱস্থাক আজিও সমালোচনা কৰি আহিছে।

ৰইছিয়ে এই সামূহিক ফাঁচীৰ ৰায়ৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰি আহিছিল। অৱশ্যে উক্ত কাৰ্যক ইৰাণৰ পূৰ্বৰ সৰ্বোচ্চ নেতা আয়াতোল্লা খুমেইনিয়ে সঠিক কাৰ্য হিচাপে গণ্য কৰাৰ কথাও প্ৰায়ে উল্লেখ কৰিছিল। ৰইছি ধাৰ্মিক পণ্ডিত আৰু অধিবক্তা হিচাপে প্ৰখ্যাত। ছিয়া ধৰ্মগুৰুসকলৰ ক্ৰম অনুযায়ী ধৰ্মগুৰু আয়াতোল্লাহতকৈ এটা স্থান পিছতেই তেওঁৰ স্থান। 

২০২১ চনৰ জুুনত উদাৰবাদী হাছান ৰুহানিক পৰাভূত কৰি ইছলামিক ৰিপাব্লিক ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ৰইছি। ইব্ৰাহিম ৰইছিয়ে ২০২১ চনৰ জুনত যেতিয়া শাসনভাৰ গ্ৰহণ কৰে তেতিয়া তেওঁৰ সমুখত আছিল একাধিক ৰাজনৈতিক প্ৰত্যাহ্বান। এফালে  দেশখনত সামাজিক অস্থিৰতাই দেখা দিছিল আৰু আনফালে আছিল পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে আমেৰিকাই আৰোপ কৰা আৰ্থিক তথা আন একাধিক নিষেধাজ্ঞা। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইব্ৰাহিম ৰইছিয়ে দেশখনৰ পৰা দুৰ্নীতি আৰু আৰ্থিক সংকট নাইকিয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইক্ষেত্ৰত কিবা এটা কৰাৰ পূৰ্বেই হিজাবক লৈ প্ৰতিবাদ আৰম্ভ হৈছিল। একেসময়তে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধত সোমাই পৰাত পৰিস্থিতি অধিক জটিল হৈ পৰে। 

ৰইছিৰ হেলিকপ্টাৰখনক লৈ কিয় চলিছে চৰ্চা?

ৰইছিয়ে ৱ্যৱহাৰ কৰা বেল-২১২ মডেলৰ হেলিকপ্টাৰখন ভিয়েটনামৰ যুদ্ধৰ সময়ত আমেৰিকাই যাত্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা ইউএছ-ওৱান এণ্ড টুইন শ্ৰেণীৰ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ। এই হেলিকপ্টাৰ চৰকাৰৰ লগতে ব্যক্তিগত সংস্থায়ো ব্যৱহাৰ কৰে। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ মতে এই হেলিকপ্টাৰখন ১৯৬০ৰ সময়ত কানাডাৰ সেনাৰ বাবে নিৰ্মাণ কৰা হৈছিল। এয়া আছিল ইউএছ-১ ইৰোক্কাইছৰ নতুন মডেল। 

নতুন ডিজাইনত দুটা ইঞ্জিন লগোৱা হৈছিল আৰু ইয়াৰ ক্ষমতা পূৰ্বতকৈ অধিক হৈ পৰিছিল। মাৰ্কিন সামৰিক প্ৰশিক্ষণৰ সৈতে জড়িত নথি-পত্ৰত উল্লেখিত তথ্য অনুযায়ী ১৯৭১ চনৰ পিছত এই হেলিকপ্টাৰ আমেৰিকা আৰু কানাডাৰ সেনা বাহিনীয়ে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

এনে হেলিকপ্টাৰক সাধাৰণতে ইউটিলিটি হেলিকপ্টাৰ হিচাপেও জনা যায়। এই ধৰণৰ হেলিকপ্টাৰ যাত্ৰী কঢ়িওৱা, অগ্নি নিৰ্বাপণ কৰা, বয়-বস্তু কঢ়িওৱা, অস্ত্ৰ-শস্ত্ৰ কঢ়িওৱা আদি একাধিক কামতে ব্যৱহাৰ কৰিব পাৰি। ৰাষ্ট্ৰপতি ৰইছিয়ে ব্যৱহাৰ কৰা বেল-২১২ মডেলৰ হেলিকপ্টাৰখনো ৰাষ্ট্ৰপতি, মন্ত্ৰী, চৰকাৰৰ শীৰ্ষ বিষয়া পৰ্যায়ৰ লোকে ব্যৱহাৰ কৰিব পৰাকৈ মডিফাইড কৰা হৈছিল। প্ৰায় ৪০ বছৰ পূৰ্বে ক্ৰয় কৰা এই মডেলৰ হেলিকপ্টাৰখন মডিফাই কৰিলেও অপাৰেটিঙৰ ক্ষেত্ৰত পাইলটে সেই তাহানিৰ মেনুৱেল প্ৰযুক্তিৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হৈছে।

আমেৰিকাৰ টেক্সাছত মুখ্য কাৰ্যালয় থকা বেল টেক্সট্ৰান কোম্পানীয়ে এই হেলিকপ্টাৰখন নিৰ্মাণ কৰি আহিছে। বেল হেলিকপ্টাৰৰ নতুন মডেল 'বেল ৪১২’ৰ বিজ্ঞাপনত উল্লেখ কৰামতে উক্ত মডেলৰ হেলিকপ্টাৰ আৰক্ষী, চিকিৎসা সম্বন্ধীয় যাতায়ত, সৈন্য পৰিবহণ, অগ্নি নিৰ্বাপণ আদি কামত ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। ইউৰোপীয়ান এভিয়েশ্যন ছেফটি এজেন্সিৰ মতে বেল শ্ৰেণীৰ হেলিকপ্টাৰত ক্ৰিউসহ ১৪ গৰাকী লোক বহাৰ সুবিধা আছে। বেলা ২১২ মডেলৰ হেলিকপ্টাৰৰ দৈৰ্ঘ্য ১৭ মিটাৰ আৰু উচ্চতা প্ৰায় ৪ মিটাৰ।


ইৰাণৰ নৌ-বাহিনীৰ বেল-২১২ মডেলৰ এখন হেলিকপ্টাৰ

গ্ল’বেল এয়াৰ ৱেবছাইটক মতে বেল ২১৩ মডেলৰ হেলিকপ্টাৰ চলাবলৈ হ’লে এঘণ্টাত ভাৰতীয় টকাৰ হিচাপত ১ লাখ ৩৫ হাজাৰ টকা খৰছ হয়। ঘণ্টাত ২৩০-২৬০ কিলোমিটাৰ বেগত উৰিব পৰা এই হেলিকপ্টাৰখন জাপানৰ উপকূলৰক্ষী বাহিনীয়েও ব্যৱহাৰ কৰি আহিছে। আমেৰিকাত এই হেলিকপ্টাৰ অগ্নিনিৰ্বাপক বাহিনী আৰু ন্যায়িক সংস্থাসমূহে ব্যৱহাৰ কৰি আহিছে। 

থাইলেণ্ডৰ আৰক্ষীয়েও এই হেলিকপ্টাৰ ব্যৱহাৰ কৰে। ইৰাণে এই মডেলৰ কিমানখন হেলিকপ্টাৰ ব্যৱহাৰ কৰে সেয়া সঠিককৈ জানিব পৰা নগ’লেও ২০২৪ চনৰ ফ্লাইট গ্ল’বেলৰ ৱৰ্ল্ড এয়াৰফ’ৰ্চ ডাইৰেক্টৰিৰ উধৃতিৰে ইৰাণৰ বায়ু সেনা আৰু নৌ সেনাৰ হাতত এনেধৰণৰ ১০খন হেলিকপ্টাৰ আছে বুলি ৰয়টাৰ্ছে বাতৰি প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২৩ চনত ছৌদি আৰৱত এই মডেলৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল। ইৰাণত ২০১৮ চনত বেল ২১২ মডেলৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৪জনকৈ লোকে। ভাৰতত ২০১৩ চনত মুম্বাইত বেল ২১২ টুইন ব্লেড হেলিকপ্টাৰ এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ৫জন লোক নিহত হৈছিল। এভিয়েশ্যন ছেফটি নেটৱৰ্কৰ ৱেবছাইটৰ মতে ১৯৭২ চনৰে পৰা এতিয়ালৈ বেল ২১২ মডেলৰ সৈতে জড়িত ৪৩২টা দুৰ্ঘটনা সংঘটিত হৈছে আৰু প্ৰায় ৬৩০ জন লোকে প্ৰাণ হেৰুৱাইছে।

ৰইছিৰ মৃত্যুক লৈ নেটিজেনৰ আনন্দ-উল্লাস...

ৰাষ্ট্ৰপতি ৰইছিৰ মৃত্যুৰ পিছতে ইৰাণত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। একাংশ লোকে ৰইছিৰ মৃত্যুক দেশৰ বাবে অপূৰণীয়া ক্ষতি আখ্যা দিয়াৰ বিপৰীতে আন একাংশই আকৌ ছ’চিয়েল মিডিয়াত আনন্দ-উল্লাস প্ৰদৰ্শন কৰা দেখা গৈছে। 

এজন নেটিজেনে ৰইছিৰ মৃত্যুৰ খবৰক ইৰাণৰ বাবে 'গুড নিউজ’ বুলি মন্তব্য কৰিছে। ভিপিএন ব্যৱহাৰ কৰা ইউজাৰজনে ইনষ্টাগ্ৰামত লিখিছে, 'আশা কৰিছো যে ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত এজোপাও গছৰ কোনো ক্ষতি হোৱা নাই।’

উল্লেখ্য যে ইৰাণত যুৱ প্ৰজন্মৰ লোকসকলে চৰকাৰৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদত লিপ্ত হৈ আহিছে। অৱশ্যে দেশখনৰ গৰিষ্ঠসংখ্যক লোকে কি ভাবে সেয়া স্পষ্টকৈ জানিব পৰা নাযায়। কিয়নো নতুন প্ৰজন্মৰ লোকসকলেহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে আৰু বাকী লোকসকল ছ’চিয়েল মিডিয়াৰ পৰা শতযোজন দূৰৈত আছে। ছ’চিয়েল মিডিয়া যেনে ফেচবুক, এক্স, ইনষ্টাগ্ৰাম আদি প্লেটফ’ৰ্মৰ ওপৰত ইৰাণ চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে সেয়া ভিপিএনৰ জৰিয়তে ব্যৱহাৰ কৰি অহা দেখা গৈছে।

এনে পৰিপ্ৰেক্ষিতত যিসকল ইৰাণৰ নাগৰিকে ৰইছিৰ মৃত্যুত আনন্দ-উল্লাস প্ৰদৰ্শন কৰিছে সেইসকলে দেশৰ পৰা তেনে পোষ্ট কৰিছে নে বিদেশৰ মাটিত থাকি কৰিছে সেয়া জানিব পৰা হোৱা নাই। দেখা গৈছে যে ৰইছিৰ মৃত্যুৰ পিছত ইৰাণৰ নেটিজেনসকলে 'ডেথ কমিটি’ৰ জৰিয়তে পাঁচ সহস্ৰাধিক লোকক মৃত্যুদণ্ড বিহাৰ প্ৰসংগ উল্লেখ কৰিছে।

ছ’চিয়েল মিডিয়াত ৰইছিয়ে হিজাবক লৈ দেখুওৱা কট্টৰ দৃষ্টিভংগীকো সমালোচনা কৰা দেখা গৈছে। ৰইছিৰ কাৰ্যকালতে হিজাবক লৈ চলা আন্দোলনতে ২২ বছৰীয়া যুৱতী মাহছা আমিনিয়ে প্ৰাণ হেৰুৱাইছিল। এই লৈয়ো বহু নেটিজেনে ৰইছিক মৃত্যুৰ পিছতো কটাক্ষ কৰা দেখা গৈছে।  

একাংশ ইৰাণী ছ’চিয়েল মিডিয়া ইউজাৰ্ছে ৰইছিৰ এটা ভিডিঅ’ পোষ্ট কৰা দেখা গৈছে। এই ভিডিঅ’টোত ইৰাণী কবি হাফিজৰ কবিতাৰ এটি শাৰীও আছে। কবিতাটোৰ শাৰীটোৰ অৰ্থ এনেকুৱা, 'প্ৰাণ খুলি হাঁহা এইকাৰণে কিয়নো অত্যাচাৰীজনে কেতিয়াও সোশৰীৰে ঘৰ গৈ নাপায়!’

বহু নেটিজেনে আকৌ ইউক্ৰেইন ইণ্টাৰনেশ্যনেল এয়ালাইন্সৰ বিমান PS752ৰ ১৬৭ গৰাকী লোকে প্ৰাণ হেৰুওৱাবলগীয়া হোৱা দুৰ্ঘটনাৰ কথাও সোঁৱৰাই দিছে। এই বিমানখন ২০২০ চনত ইৰাণৰ ৰিভলুশ্যনাৰী গাৰ্ডে আক্ৰমণ কৰি ভূপতিত কৰিছিল। তেতিয়া ইৰাণ চৰকাৰে কৈছিল যে ভুলতে ৰিভলুশ্যনাৰী গাৰ্ডৰ মিছাইলে ইউক্ৰেইনৰ বিমানখনত আঘাত কৰিছিল।

পৰৱৰ্তী সময়ত এই ঘটনাৰ বাবে ইৰাণ চৰকাৰে ১০ জন লোকক কাৰাগাৰলৈ নিক্ষপ কৰিছিল। কিন্তু ভুক্তভোগীৰ পৰিয়ালৰ লোকসকলে দাবী কৰিছিল যে কাৰাগাৰলৈ নিক্ষেপ কৰা লোকসকলৰ আটাইকেইজনেই নিম্নশ্ৰেণীৰ কৰ্মচাৰী আছিল। তেওঁলোকৰ মতে যিসকল মুখ্য অপৰাধী আছিল সেইসকল ৰইছি চৰকাৰে সুৰক্ষা প্ৰদান কৰিছিল আৰু লোকক দেখুওৱাবলৈকে সাধাৰণ কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰিছিল। 

ইৰাণৰ হমাদ ইস্মাইলিয়ন নামৰ লোকজনে এই বিমান দুৰ্ঘটনাত পত্নী আৰু কন্যাক হেৰুৱাইছিল। বৰ্তমান হমাদ কানাডাত থাকে। তেওঁ এক্সত লিখিছে, 'মানৱতা বিৰোধী অপৰাধৰ বাবে ৰইছিয়ে আচলতে বহু আগতেই নিৰপেক্ষ আদালতৰ কাঠঘৰাত থিয় হ’ব লাগিছিল।’