ধ্বংসাৱশেষ, আৰক্ষীৰ গাড়ী, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, এম্বুলেন্সৰ ছাইৰেন, বতাহত জ্বলি ছাই হৈ যোৱা মৃতদেহৰ পোৰা পোৰা গোন্ধ আৰু আপোনজনক বিচাৰি কৰা হাহাকাৰ! এয়া আছিল গুজৰাটৰ ৰাজকোটৰ টিআৰপি গেমিং জ’নত দেওবাৰৰ দিনটোৰ হৃদয় বিদাৰক দৃশ্য। শনিবাৰে ইয়াতে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈ নিমিষতে ছাই হৈ পৰিছিল শিশুসহ ২৭ জনকৈ লোক।
মহাৰাষ্ট্ৰত দিনদিয়েক পূৰ্বে গীণিজ ৰেকৰ্ডৰ বাবে অবৈধভাৱে নিৰ্মাণ কৰা বিশাল হৰ্ডিং ভাগি ১৭ জনে লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই এইবাৰ ৰাজকোটৰ গেমিং জ’নত সংঘটিত ঘটনাই দেশবাসীক হতবাক কৰি তুলিছে। ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলে বিদ্যালয় বন্ধ থকালৈ চাই সেইদিনা নিজৰ নিজৰ সন্তানক লৈ উক্ত গেমিং জ’নলৈ আহিছিল। এতিয়া তেওঁলোকৰ পৰিয়ালৰ বাকী সদস্যসকলক ৰাজকোটস্থিত অসামৰিক চিকিৎসালয়ত অস্থিৰ হৈ পৰা দেখা গৈছে।