অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে অন্ত পৰিব সুদীৰ্ঘকাল ধৰি চলি অহা এক বিবাদৰ। অযোধ্যাৰ বিবাদিত ভূমিত ৰাম মন্দিৰৰ সফল নিৰ্মাণৰ বাবে বহুতে কৃতিত্ব দিব বিচাৰে ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে ৰাম মন্দিৰৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি অহা হিন্দুত্ববাদী সংগঠনসমূহক। অৱশ্যে এই ৰাম মন্দিৰৰ নিৰ্মাণত দশক দশক ধৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে দেশৰ ন্যায়পালিকয়ো। তাৎপৰ্যপূৰ্ণ যে ৰাম মন্দিৰ নিৰ্মাণৰ হকে চূড়ান্ত ৰায়দান কৰি চৰকাৰৰ পৰা পুৰস্কাৰো লাভ কৰিছে ৰায়দান কৰা ন্যায়াধীশে।
অযোধ্যাৰ বিতৰ্কিত গোচৰটোত আৰম্ভণিৰে পৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ন্যায়পালিকাই। ১৯৪০ৰ সময়ৰে পৰা বাবৰি মছজিদ চৌহদ হিন্দু পূজাৰ বাবে গতাই দিয়াই হওক বা ১৯৮৬ চনত চৌহদৰ তলা খুলি দিয়াৰ নিৰ্দেশ হওক অথবা ২০১৯ চনৰ চূড়ান্ত ৰায়দান হওক, ন্যায়পালিকাৰ ভূমিকাক লৈ বাৰাম্বাৰ প্ৰশ্নৰ উত্থাপন হৈ আহিছে। আইন সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰি অহা প্ৰবীণ সাংবাদিক আজাজ আশ্ৰফে কয়, “১৯৪৯ চনৰ পৰা বাবৰি মছজিদৰ ওপৰত হিন্দু দাবী সম্প্ৰসাৰণৰ প্ৰতি প্ৰতিটো পৰ্যায়তে ন্যায়পালিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু উচ্চতম ন্যায়ালয়েই চূড়ান্ত ৰায়দান কৰি বাবৰি মছজিদৰ বিতৰ্কিত ভূমি হিন্দুক অৰ্পণ কৰি এই বিবাদৰ অন্ত পেলাইছিল।”