newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয় অনুদান আয়োগক এক অন্য ৰূপ দিয়াৰ প্ৰস্তাৱৰ ওপৰত চিন্তা-চৰ্চা কৰি আছে মানৱ সম্পদ উন্নয়ন বিভাগে। ১৯৫৬ৰ আইন, যিখনৰ ওপৰত ভিত্তি কৰি আয়োগখন গঠিত হৈছে সেই আইনখনেই বাতিল কৰি নতুন এখন আইন প্ৰণয়নৰ প্ৰস্তুতি চলাইছে মন্ত্ৰালয়ে।
উচ্চশিক্ষাৰ নিয়ামক কৰ্তৃপক্ষ হিচাপে কাম কৰি অহা আয়োগখনৰ ক্ষমতাৰ পৰিসৰ কৰ্তন কৰা হ’ব প্ৰস্তাৱিত আইনখনৰ যোগেদি। বিশেষকৈ পুঁজি সংক্ৰান্ত ক্ষমতাও আয়োগৰ হাতত নাথাকিব। প্ৰস্তাৱিত আইনখনৰ খচৰাত উল্লেখিত মতে ইউজিচিৰ নতুন নাম হ’ব ভাৰতীয় উচ্চ শিক্ষা আয়োগ (হায়াৰ এডুকেছন কমিছন অৱ ইণ্ডিয়া চমুকৈ এইচইচিআই)।