newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয় অনুদান আয়োগক এক অন্য ৰূপ দিয়াৰ প্ৰস্তাৱৰ ওপৰত চিন্তা-চৰ্চা কৰি আছে মানৱ সম্পদ উন্নয়ন বিভাগে। ১৯৫৬ৰ আইন, যিখনৰ ওপৰত ভিত্তি কৰি আয়োগখন গঠিত হৈছে সেই আইনখনেই বাতিল কৰি নতুন এখন আইন প্ৰণয়নৰ প্ৰস্তুতি চলাইছে মন্ত্ৰালয়ে। 

উচ্চশিক্ষাৰ নিয়ামক কৰ্তৃপক্ষ হিচাপে কাম কৰি অহা আয়োগখনৰ ক্ষমতাৰ পৰিসৰ কৰ্তন কৰা হ’ব প্ৰস্তাৱিত আইনখনৰ যোগেদি। বিশেষকৈ পুঁজি সংক্ৰান্ত ক্ষমতাও আয়োগৰ হাতত নাথাকিব। প্ৰস্তাৱিত আইনখনৰ খচৰাত উল্লেখিত মতে ইউজিচিৰ নতুন নাম হ’ব ভাৰতীয় উচ্চ শিক্ষা আয়োগ (হায়াৰ এডুকেছন কমিছন অৱ ইণ্ডিয়া চমুকৈ এইচইচিআই)। 

নতুন আয়োগৰ নাথাকিব অনুদান দিয়াৰ ক্ষমতা। এই ক্ষমতা হস্তান্তৰিত হ’ব মন্ত্ৰালয়লৈ। বিশ্ববিদ্যালয় প্ৰতিষ্ঠা, তদাৰকী আৰু বিশ্ববিদ্যালয়সমূহৰ গুণগত মান উন্নত কৰাৰ দিশতেই সীমাবদ্ধ থাকিব এই নতুন আয়োগৰ কৰ্মপৰিসৰ। খচৰাখন ৰাজহুৱা কৰা হয় বুধবাৰে। ৭ জুলাইৰ ভিতৰত বিচৰা হৈছে সংশ্লিষ্ট মহলৰ পৰামৰ্শ। 

আইআইটি, এনআইটি আদিক পুঁজি যোগান ধৰাৰ দৰে নতুন আয়োগখনকো চৰকাৰেই পুঁজি যোগান ধৰিব। অৱশ্যে ব্যৱস্থাপনাৰ দিশত চৰকাৰে কোনোধৰণৰ হস্তক্ষেপ নকৰে বুলি এজন বিষয়াই মন্তব্য কৰে। নতুন আয়োগে শিক্ষানুষ্ঠানবোৰৰ শিক্ষণৰ ফলাফল, বিদ্যায়তনিক পাৰদৰ্শিতাৰ মূল্যায়ন, শিক্ষক প্ৰশিক্ষণ, শিক্ষণ প্ৰযুক্তিৰ ব্যৱহাৰত উৎসাহ যোগোৱা আদি কাম কৰিব। তদুপৰি শিক্ষানুষ্ঠান স্থাপন আৰু বন্ধ কৰাৰ চৰ্তাৱলী থিৰাং কৰাৰ লগতে ৰাজ্যিক বিশ্ববিদ্যলয়কে ধৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত গুৰুত্বপূৰ্ণ পদসমূহত নিযুক্তিৰ ক্ষেত্ৰত যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিব পাৰিব। 

মে’ মাহত প্ৰকাশ জাভেদকাৰৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত এআইচিটিইৰ সৈতে ইউজিচিক একলগ কৰি একক আয়োগ এখন গঠন কৰাৰ আলোচনা চলিছিল। কিন্তু দুয়োটা অনুষ্ঠানত এক লগ কৰি দিলে কেতবোৰ সমস্যা উদ্ভৱ হ’ব বুলি অনুমান কৰি পৃথকে পৃথকে সংশোধনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইউজিচিৰ পুনৰ্গঠনৰ চুড়ান্ত কৰাৰ পিছতেই এআইচিটিইৰ পুনৰ্গঠনৰ দিশে আগবাঢ়িব মন্ত্ৰালয়।