61
বৰনৰ্দ্দীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষণা কৰা ফলাফলত নলবাৰীৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিকিতা কলিতাই সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে সপ্তম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ আনিবলৈ সক্ষম হৈছে।
নিকিতাই অসমীয়াত ৯৫, ইংৰাজীত ১০০, সমাজ বিজ্ঞানত ৯৭, সাধাৰণ বিজ্ঞানত ৯৭, সাধাৰণ গনিতত ১০০, উচ্চ গনিতত ৯৮ শতংশ লাভ কৰা নিকিতাই ভবিষ্যতে চিকিৎসক হোৱাৰ মন পুহি ৰাখিছে৷