কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাইমাদ্ৰাছা পৰীক্ষাত অৱৰ্তীণ হোৱা ১০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী পৰীক্ষাগৃহত অনৈতিক উপায় অৱলম্বন কৰাৰ বাবে বহিষ্কাৰ হোৱাৰ লগতে নিজ দায়িত্ব সূচাৰুৰূপে পালন নকৰা বাবে এগৰাকী শিক্ষকো পৰীক্ষাগৃহৰ পৰা বহিষ্কাৰ হ'বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ দায়িত্ব সূচাৰুৰূপে পালন নকৰা বাবে বহিষ্কাৰ হোৱা শিক্ষকগৰাকী দেৱীতোলা কেন্দ্ৰত নিৰীক্ষকৰ দায়িত্বত নিয়োজিত হৈ অাছিল বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত বাতৰি অনুসৰি এইবেলি কোকৰাঝাৰ জিলাৰ পৰা সৰ্বমুঠ ১৩৭২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱাৰ কথা আছিল যদিও ইয়াৰে মাথো ১৩২৮৮ গৰাকী পৰীক্ষাৰ্থীয়ে হে প্ৰথম দিনৰ পৰীক্ষাত অৱৰ্তীণ হয় , অৰ্থাৎ জিলাখনত ৪৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী অাশ্চৰ্যজনকভাৱে পৰীক্ষাগৃহত অনুপস্থিত থাকে।

জিলাখনত থকা ২৫ টা কেন্দ্ৰৰ ভিতৰত শিলবাৰী কেন্দ্ৰত সৰ্বাধিক ৬ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাগৃহত অনৈতিক উপায় অৱলম্বন কৰাৰ বাবে বহিষ্কাৰ হোৱাৰ উপৰিও ৰূপসীত এগৰাকী , ৰামফলবিলত এগৰাকী , কোকৰাঝাৰ -চি কেন্দ্ৰত এগৰাকী আৰু দেৱীতোলাত এগৰাকী পৰিক্ষাৰ্থী পৰীক্ষাগৃহত অনৈতিক উপায় অৱলম্বন কৰাৰ বাবে বহিষ্কৃত হয় ।

কোকৰাঝাৰ জিলা শিক্ষা বিষয়া এচ এন গয়াৰীয়ে আজি গৌৰাং পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ প্ৰতিটো পৰীক্ষা কোঠালী পৰ্যবেক্ষণ কৰি নিৰীক্ষকৰ দায়িত্বত থকা শিক্ষকসকলক নিজ দায়িত্ব আৰু কৰ্তব্য সূচাৰুৰূপে পালন নকৰিলে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সঁকিয়নি দিয়ে ।