newsnextone.com | ৰঙিয়াঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ গ্ৰাম্য জিলাৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰে৷ ৰঙিয়া মহকুমাৰ পুঠিমাৰী পায়নিয়ৰ একাডেমীৰ ছাত্ৰী সীমা কুইন কাশ্যপ আৰু দদৰাৰ অংকুৰজ্যোতি ঠাকুৰীয়াই দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷
ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় সীমা কুইন কাশ্যপে আৰু অংকুৰজ্যোতি ঠাকুৰীয়াই অষ্টম স্থান দখল কৰে৷ সীমা কুইন কাশ্যপৰ ফলাফল লাভ কৰাৰ পিছতে পায়নিয়াৰ একাডেমীৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আনন্দিত হৈ পৰে৷