কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী লাওপানী আৰু উল্টাপানীৰ মাজত মঙলবাৰে কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিটিচি নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। 

কি কি অস্ত্ৰ উদ্ধাৰ হ’ল অভিযানত?

কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই ভাৰত-ভূটান সীমান্তবৰ্তী লাওপানী আৰু উল্টাপানীৰ মাজত উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ হ'ল একে ৫৬ দুটা, গ্ৰেণেড লাঞ্চাৰ এটা, পইণ্ট ২২ ৰাইফল এটা, দেশীয়ভাৱে নিৰ্মিত ৰাইফল ১১ টা, পইণ্ট ২২ পিষ্টল এটা, ৭.৬৫ এমএম পিষ্টল দুটা, ৭.৯ এমএম পিষ্টল এটা, দেশীয় নিৰ্মিত পিষ্টল তিনিটা, একে ৫৬ৰ মেগজিন ১১ টা, এম ১৬ ৰাইফলৰ মেগজিন দুটা, পইণ্ট ২২ ৰাইফলৰ মেগজিন এটা, পইণ্ট ২২ পিষ্টলৰ মেগজিন এটা,  নাইন এমএম পিষ্টলৰ মেগজিন ১০টা, ৭.৬৫ এমএমৰ মেগজিন ছটা, চাৰি শতাধিক সজীৱ গুলী, ছেটেলাইট ফোন, চাইনিজ গ্ৰেণেডকে ধৰি বহু বিস্ফোৰক সামগ্ৰী। আৰক্ষী সূত্ৰই জনোৱা মতে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এই অস্ত্ৰসমূহ।

আৰক্ষী অধীক্ষকৰ কি ভাষ্য?

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই বুলি জানিবলৈ দিছে জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশ্যনে। তেওঁ জনোৱা মতে ভাৰত-ভূটান সীমান্তৱৰ্তী লাওপানী আৰু উল্টাপানী নলাৰ বনাঞ্চলত মাটিত পুতি থোৱা অৱস্থাত এই অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰা হয়।

'বিটিএডিৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাতো আমাৰ প্ৰধান লক্ষ্য। সেয়ে আমি খবৰ পোৱা মাত্ৰকে এনেধৰণৰ অভিযান চলোৱাত গুৰুত্ব আৰোপ কৰিছো। যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আমাৰ আৰক্ষী বিভাগ সাজু হৈ আছে। আমি সকলো চেষ্টা অব্যাহত ৰাখিছো আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বুলি আশাবাদী হৈ আছো।’-অভিযানৰ সাফল্যক লৈ সন্তুষ্টি প্ৰকাশ কৰি এইদৰে কয় অৰক্ষী অধীক্ষক ৰোশ্যনে। 

উদ্ধাৰ হোৱা অস্ত্ৰসমূহ তাত কোনে লুকুৱাই ৰাখিছিল সেই সন্দৰ্ভত এতিয়ালৈ সবিশেষ জানিব পৰা হোৱা নাই বুলি সদৰী কৰি তদন্তৰ অন্তত সকলো স্পষ্ট হৈ পৰাৰ সম্ভাৱনাও ব্যক্ত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। 'আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছো। এতিয়ালৈ ইয়াৰ আঁৰত কোন জড়িত হৈ আছে সেয়া জানিব পৰা নাই। কিন্তু অতি শীঘ্ৰেই সকলো পোহৰলৈ আহিব।’-অধীক্ষকগৰাকীয়ে কয়।