বিশ্বনাথঃ ৰাজ্যত সক্ৰিয় নাৰী ব্যৱসায়ী চক্ৰ। দুগ্ধপোষ্য সন্তানৰ পৰা বিচ্ছেদ কৰাই মাকক নি বহিঃ ৰাজ্যত বিক্ৰী কৰিলে বিশ্বনাথ চাৰিআলি জিলাৰ বিহালীৰ এগৰাকী নাৰী ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত মহিলাই। বিহালীৰ ৰাংচালী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
গাঁৱৰে এগৰাকী মহিলাই আন ধনৰ বিনিময়ত এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।কেৱল কেইটামান টকাৰ বাবেই মনালিছা দাস নামৰ মহিলা গৰাকীক নিজ দুবছৰীয়া শিশুটিৰ পৰা বিচ্ছেদ কৰি বিক্ৰী কৰে সাৱিত্ৰী দাসে। ফলত দুৰ্ভগীয়া শিশুটি বঞ্চিত হব লগীয়া হৈছে মাতৃ দুগ্ধৰ পৰা।