Home ৰাজ্যনলবাৰীত শ শ অংগনৱাড়ী কেন্দ্ৰত বন্ধ হৈ পৰিছে খোৱা পানীৰ যোগান, ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ

নলবাৰীত শ শ অংগনৱাড়ী কেন্দ্ৰত বন্ধ হৈ পৰিছে খোৱা পানীৰ যোগান, ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ

by News Next One
A+A-
Reset

নলবাৰীঃ নলবাৰীৰ বিভিন্ন ঠাইৰ শ শ অংগনৱাড়ী কেন্দ্ৰত পানী যোগান ব্যৱস্থা সম্প্ৰতি বন্ধ হৈ পৰিছে। ফলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ লাগিছে। পশ্চিম নলবাৰীৰো বিভিন্ন গাঁৱত ঠিকাদাৰী ব্যৱস্থাৰে অংগনৱাড়ী কেন্দ্ৰত কৰা ৰাৰ্নিং ৱাটাৰ আঁচনিখন মাত্ৰ কেইমাহমান মান পিছতে বিকল হৈ পৰাত কণ কণ শিশুৰ মাজত খোৱা পানীৰ বাবে হাহাকাৰ হৈছে।

উল্লেখ্য, শিশুৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশ সাধনৰ উদ্দেশ্যে চৰকাৰৰ সমাজ কল্যাণ বিভাগে বিভিন্ন আঁচনিৰ জৰিয়তে বিগত সময়ত কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও নলবাৰী জিলাৰ এক বৃহৎসংখ্যক অংগনৱাড়ী কেন্দ্ৰৰ পয়ালগা অৱস্থাই সচেতন অভিভাৱক-ৰাইজৰ চকু কপালত তুলিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাৰো বিভিন্ন স্থানত বহু লাখ টকা ব্যয় কৰি বহু আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ সময়তে বিভাগটোৰ জিলাখনত সৃষ্ট এনে পয়ালগা ছবিখনে সচেতন ৰাইজক ভবাই তুলিছে।

এনে অব্যৱস্থাৰ মাজতে শেহতীয়াকৈ গ্ৰামাঞ্চলৰ প্ৰায় প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰতে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে বিশুদ্ধ ‘ৰানিং ৱাটাৰ’ ব্যৱস্থা কৰা হয় যদিও ইয়াৰ নামত বহু চৰকাৰী ধনৰ শৰাধ কৰাৰ অভিযোগ উঠিছে। ঠিকাদাৰী ব্যৱস্থাৰে কৰা এনে ৰানিং ৱাটাৰৰ আঁচনিখন বহু অংগনৱাড়ী কেন্দ্ৰত আধাতে বন্ধ হৈ পৰিছে। বহু কেন্দ্ৰত বিদ্যুৎ যোগান ব্যাহত হৈ পৰাত পানী যোগান বন্ধ হৈ পৰিছে।

ইপিনে কেৱল পাইপ বহুৱাই পানীৰ টেংকি স্থাপন কৰিয়েই এচাম যুৱ ঠিকাদাৰে পালমৰা ধৰণে দায়িত্ব সমৰাৰ ফলত গাঁও এলেকাৰ বহু কেন্দ্ৰত কণ কণ ছাত্ৰ-শিশুৱে বিশুদ্ধ পানীৰ মুখ দেখা পোৱা নাই। আনহাতে একাংশ সুযোগসন্ধানী ঠিকাদাৰে জিলাখনৰ বিভিন্ন আওহতীয়া ঠাই, পথাৰৰ মাজত থকা অব্যৱহৃত অংগনৱাড়ী কেন্দ্ৰত (য’ত বিজুলী সংযোগৰ কোনো ব্যৱস্থা নাই) এনে ৰানিং ৱাটাৰ আঁচনি ৰূপায়ণ হোৱা দেখুৱাই ধন কুক্ষিগত কৰাৰ অভিযোগ উঠিছে। ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0