চিচিবৰগাঁওঃ আদালতত অনশনত বহিব সুবোধ বিশ্বাস।যোৱা ৬ মাৰ্চত ধেমাজি জিলাৰ বাণিজ্য নগৰীৰূপে খ্যাত চিলাপথাৰৰ সদৰত অৱস্থিত চিলাপথাৰ আঞ্চলিক ছাত্ৰ-সন্থাৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰি অসমীয়াৰ স্বাভিমানত আঘাত হনা বাঙালী উদ্বাস্তু সমন্বয়ৰক্ষী সমিতিৰ নেতা সুবোধ বিশ্বাসৰ আন এক ভয়ংকৰ কাণ্ডৰ সকীয়নিৰ কাহিনী উন্মোচিত হৈছে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত৷
বাৰে বাৰে আদালতত জামিন বিচাৰি বিফলতাৰ মুখ দেখা সুবোধ বাহিনীয়ে আমৰণ অনশনৰ ভাবুকি প্ৰদান কৰিল ধেমাজিৰ সত্ৰ ন্যায়াধীশৰ আদালতত। ঘটনাৰ বিৱৰণী অনুসৰি, অসমীয়াৰ হিয়াৰ আমঠু সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰাত প্ৰতিবাদমুখৰ হৈ পৰিছিল অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে সকলো ৰাইজ।