newsnextone.com | মৰিগাঁওঃ ৰাজ্যজুৰি পানী যোগনা আঁচনি নিৰ্মাণত সংঘটিত হোৱা কোটি কোটি টকাৰ কেলেংকাৰীৰ তদন্ত জৰিয়তে বিভাগৰ অভিযন্ত-বিষয়াক-ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাৰ দাবীত মৰিগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশনক বহে মানৱ অধিকাৰ সুৰক্ষা-সজাগতা পৰিষদ নামৰ সংগঠনটোৰ নেতা-কৰ্মীয়ে৷

মানৱ অধিকাৰ সুৰক্ষা-সজাগতা পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম আৰু নগাঁও কাগজ কল কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কাতচিং বৰদলৈয়ে ৪টা দাবী উত্থাপন কৰি মঙলবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিওে মন্ত্ৰী-বিধায়ক, প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷

অসমৰ প্ৰতিটো পানী যোগান আঁচনি সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী সমিতি গঠন কৰি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, বৰচকাবাহা পানী যোগান আঁচনি নিৰ্মাণ কৰা ঠিকাদাৰ আৰু অভিযন্তাক আটক কৰা, নগাঁও-কাছাৰ কাগজকল পুনজ্জীৱিত কৰা, কাগজ কলসমূহৰ কৰ্মচাৰীক সম্পূৰ্ণ দৰমহা আদায় দিয়া, ১৮ মাহ দৰমহা নোপোৱাৰ ফলত হোৱা ক্ষতিসাধনৰ ক্ষতিপূৰণ দি নিৰাপত্তা প্ৰদান কৰা আৰু অসমৰ প্ৰত্যেকটো বিভাগত খালি হৈ থকা পদ পূৰণ কৰাৰ দাবী আমৰণ অনশন কৰা বুলি জানিব পৰা গৈছে৷

৪ টা পূৰণ কৰাৰ দাবীত আমৰণ অনশন কাৰ্যসূচী বৰ্তমানলৈ চলি আছে যদিও জিলা প্ৰশাসনৰ বিষয়া উপস্থিত নথকাত গণতান্ত্ৰিক আন্দোলনক প্ৰশাসনে সন্মান নিদিয়াৰ অভিযোগ উত্থাপন কৰে মানৱ অধিকাৰ সুৰক্ষা-সজাগতা পৰিষদে।

মানৱ অধিকাৰ সুৰক্ষা-সজাগতা পৰিষদৰ সভাপতি নুৰ ইচলামে জানিবলৈ দিয়া মতে, অনশন কাৰ্যসূচী চলি থকা সময়তে চৰকাৰে পানী যোগান আঁচনিত সংঘটিত দুৰ্নীতিৰ তদন্ত ঘোষণা কৰক৷ অনশনস্থলিত নিৰাপত্তাকলৈও আশংকা ব্যক্ত কৰি কোনোৱে আক্ৰমণ কৰিব পাৰে বুলি কয় অনশনকাৰীয়ে৷

আনহাতে ২০১৭ চনৰ ২৫ এপ্ৰিলত মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক এই বিষয় সমূহ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব নিনিদায়ত পুনৰ আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰি ৪টা দাবী সম্বলিত স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীক পুনৰ প্ৰেৰণ কৰিব জানিবলৈ দিয়ে অসমৰ মানৱ অধিকাৰ সুৰক্ষা-সজাগতা পৰিষদৰ সভাপতি নুৰ ইচলামে৷