newsnextone.com | মৰিগাঁওঃ ৰাজ্যজুৰি পানী যোগনা আঁচনি নিৰ্মাণত সংঘটিত হোৱা কোটি কোটি টকাৰ কেলেংকাৰীৰ তদন্ত জৰিয়তে বিভাগৰ অভিযন্ত-বিষয়াক-ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাৰ দাবীত মৰিগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশনক বহে মানৱ অধিকাৰ সুৰক্ষা-সজাগতা পৰিষদ নামৰ সংগঠনটোৰ নেতা-কৰ্মীয়ে৷
মানৱ অধিকাৰ সুৰক্ষা-সজাগতা পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম আৰু নগাঁও কাগজ কল কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কাতচিং বৰদলৈয়ে ৪টা দাবী উত্থাপন কৰি মঙলবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিওে মন্ত্ৰী-বিধায়ক, প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷