দলংঘাটঃ বিষপান কৰি এগৰাকী বিবাহিত মহিলাই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰং জিলাত৷ জানিব পৰা মতে, দৰং জিলাৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত জামৰাইপাৰা গাঁৱৰ এহাল দম্পতীয়ে বৃহস্পতিবাৰে বিষ খাই আত্মহত্যাৰ চেষ্টা চলায়। এই ঘটনাত স্ত্ৰীগৰাকীৰ মৃত্যু হয় যদিও স্বামী বৰ্তমান চিকিৎসাধীন হৈ আছে।
বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলোৱা এই স্বামী-স্ত্ৰীহাল হৈছে আনোৱাৰ হুছেইন আৰু ৰুণুৱাৰা বেগম। প্ৰায়ে সৰু সৰু কথাক লৈ কাজিয়াত লিপ্ত হৈ আহিছিল স্বামী-স্ত্ৰী। অৱশেষত বৃহস্পতিবাৰে দুপৰীয়া নিজ ঘৰৰ কোঠাত দুয়ো একেলগে বিষ পান কৰে৷ যাৰ ফলত স্বামী-স্ত্ৰী দুয়োগৰাকীয় গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷