Home ৰাজ্যজঘন্যঃ ব্লেডেৰে ডিঙি ৰেপি পত্নী-কন্যা দলিয়ালে জংঘলত

জঘন্যঃ ব্লেডেৰে ডিঙি ৰেপি পত্নী-কন্যা দলিয়ালে জংঘলত

by News Desk
55 views
A+A-
Reset

তেজপুৰঃ শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লখৰাত সংঘটিত হৈছে এক জঘন্য ঘটনা। স্বামীয়ে ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ অপচেষ্টা চলালে পত্নী আৰু ৪ বছৰীয়া কনমাণি সন্তানক। উল্লেখ্য যে লখৰাৰ সোনানগৰৰ ১৫ নং অসম ৰাইফলছত কৰ্মৰত জীৱন বাছফৰ নামৰ লোকজনে কৰ্তব্যস্থলীৰপৰা ছুটী লৈ আহি যোৱা ২০ অক্টোবৰত পত্নী আৰু সন্তানক ফুৰাবলৈ লৈ যোৱাৰ চলৰে ভালুকপঙৰ সমীপৱৰ্তী ১২ মাইলত পত্নী আৰু নিজৰেই ৪ বছৰীয়া কন্যা সন্তানক ব্লেডেৰে ডিঙি কাটি হত্যাৰ অপচেষ্টা চলায়। আহত দুয়োকে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জংঘলত পেলাই লোকজনে পলায়ন কৰে। কিন্ত সৌভাগ্যক্ৰমে মহিলাগৰাকীয়ে সন্তানক লৈ কোনোমতে প্ৰাণৰক্ষা কৰি ৰাস্তাৰ গাড়ী ৰখাই মূমুৰ্ষূ অৱস্থাত আহি চাৰিদুৱাৰ আৰক্ষীৰ কাষ চাপে আৰু পাছত চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত মহিলাগৰাকী আৰু কনমাণি শিশুটিক উপযুক্ত চিকিৎসা প্ৰদান কৰি গৃহত চমজাই দিয়ে। উক্ত ঘটনাতো মহিলাগৰাকীৰ স্বামীগৃহই গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও ঘটনা সন্দৰ্ভত তদন্তৰ বাবে আজি আৰক্ষীৰ এটা দল স্বামীগৃহত উপস্থিত হোৱাত এই ঘটনা সন্দৰ্ভত গাঁওবাসী ৰাইজ অৱগত হৈ ক্ষোভিত হৈ পৰাৰ লগতে উচিত তদন্তৰ দাবী জনায়। ইফালে ইয়াৰ পূৰ্বেও জীৱন বাছফৰে প্ৰথমা পত্নীক হত্যাৰ চেষ্টা চলাইছিল বুলিও গাঁওবাসীয়ে জানিবলৈ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0