75
বেজেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত চাংসাৰিৰ নিকটৱৰ্তী ডোৰা-কহৰাত সংঘটিত এক পথ দুৰ্ঘটনাত ৪জনকৈ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
প্ৰাপ্ত বাতৰি মতে, সন্ধিয়া প্ৰায় ৬ মান বজাত বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটী অভিমুখী এএছ ০১ বিপি ৭৯২৬ নম্বৰৰ হোন্দাই আই টেন গাড়ী এখন নিয়ন্ত্ৰণ হেৰুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত দ খাৱৈত বাগৰি পৰে।