newsnextone.com | ডিজিটেল ডেস্কঃ বিয়াঘৰৰ পৰা এটি ৬ বছৰীয়া শিশুক অপহৰণ কৰি নি ধৰ্ষণৰ পিছত নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ আনকি শিশুটিৰ পৰিচয় গোপন কৰাৰ বাবে মুখমণ্ডল জ্বলাই দিয়ে ধৰ্ষণকাৰীয়ে৷ 

গোৱালিয়ৰত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাৰ তিনি দিন পিছত আৰক্ষীয়ে এজন আইস্ক্ৰিম বেপাৰীক আটক কৰিবলৈ সক্ষম হয়৷ ঘটনা সংঘটিত হোৱাৰ দিনা পথত লগাই ৰখা চিচিটিভি ফুটেজত অভিযুক্তই শিশুটিক প্ৰলোভন দেখুৱাই বিয়াঘৰৰ পৰ বাহিৰলৈ লৈ যোৱা পৰিলক্ষিত হৈছে৷

জানিব পৰা মতে, বুধবাৰে পিতৃ-মাতৃৰ সৈতে এখন বিয়া খাবলৈ গৈছিল মোৰেণাৰ বাসিন্দা শিশুটি৷ নিশা প্ৰায় ১১.৩০ বজাত বিয়াঘৰৰ সকলো লোক যেতিয়া বিয়াৰ অনুষ্ঠানত ব্যস্ত হৈ পৰে, সেই সময়তে এজন অজ্ঞাত পৰিচিত ব্যক্তিয়ে শিশুটিক আইস্ক্ৰীমৰ প্ৰলোভন দি বিয়াঘৰৰ পৰা বাহিৰলৈ লৈ আহে৷ 

শিশুটিৰ পিতৃ-মাতৃয়ে জনোৱা মতে, তেওঁলোক বিয়াৰ অনুষ্ঠানত ব্যস্ত থকা বাবে শিশুটিৰ ওপৰত নজৰ ৰাখিব পৰা নাছিল৷ কিন্তু পিছত যেতিয়া তেওঁলোকে বিচাৰ খোচাৰ কৰি শিশুটিৰ সন্ধান নাপালে, তেতিয়া আৰক্ষীক অৱগত কৰে৷

বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে বিয়াঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ হত্যাকাৰীয়ে শিশুটিৰ মুখমণ্ডল জ্বলাই দি শিশুটিৰ পৰিচয় ঠাকি ৰখাৰ চেষ্টা কৰিছিল৷ 

আৰক্ষীয়ে কয়, ‘গোৱালিয়ৰৰ কেশাপাহাৰীৰ সমীপৰ জংঘলত কন্যা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ বুধবাৰৰ নিশাৰ পৰা শিশুটি নিখোজ হৈ আছিল৷ চিচিটিভি ফুটেজত এজন ব্যক্তিৰ পিছে পিছে শিশুটি গৈ থকা দেখিবলৈ পোৱা গৈছে৷’ 

ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই কুচৱোয়াহ লামৰ এজন ব্যক্তিক আটক কৰে৷ আৰক্ষীৰ জেৰাত ধৃত লোকজনে শিশুটিক অপহৰণ কৰি ধৰ্ষণ কৰাৰ পিছত হত্যা কৰা বুলি স্বীকাৰ কৰে৷ 

বিয়াঘৰত ভোজন কৰি থকা সময়ত সি শিশুকন্যাটিক দেখি আইস্ক্ৰিম খুওৱাৰ প্ৰলোভন দি শিশুটিক নিজৰ সৈতে যাবলৈ কয়৷ শিশুটিয়ে যেতিয়া আইস্ক্ৰিমৰ লোভত তাৰ পিছে পিছে যায়, তেতিয়া পাষণ্ড লোকজনে এটুকুৰা পৰিত্যক্ত ঠাইলৈ নি শিশুটিক ধৰ্ষণ কৰি পিছত হত্যা কৰে৷ ধৃত লোকজন পেছাত এজন আইস্ক্ৰিম বেপাৰী বুলি জানিব পৰা গৈছে৷