ডিফু: সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি বুধবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো ঈদ ঈসান আজহাৰ উৎসৱ ধুমধামেৰে পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ৷ এই উপলক্ষে ডিফুৰ মছজিদ প্ৰাংগণত ঈদৰ ২ ৰাকাত ওৱাজিব নামাজ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে উদ্যোক্তা সকলে ৷ ডিফু আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ সহস্ৰাধিক ইছলাম ধৰ্মালম্বী লোকে একেলগে ঈদৰ নামাজ সম্পন্ন কৰিব ৷
ডিফু মছজিদ সমিতিৰ পৰা জানিব পৰা মতে, পুৱা ৮.৩০বজাত ডিফু মছজিদ প্ৰাংগনত হাফিজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে ঈদৰ নামাজত ইমামতি কৰিব৷ আনহাতে, পৱিত্ৰ ঈদ ঊল আজহাৰ শুভক্ষণত ডিফু চহৰৰ ইছলাম ধৰ্মালম্বী সকলৰ লোকৰ মাজত উচাহৰ ঢল বৈছে ৷