newsnextone.com | তেজপুৰঃ অশান্ত জৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত হওক। প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক। সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত সৌম্য বাতাবৰণ পুনৰ ঘূৰি অহা অজস্ৰ আশা আৰু সপোনেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে শনিবাৰে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিৎৰ।
ৰমজানৰ ৰোজা শেষ হোৱাৰ পিছত সমগ্ৰ বিশ্বত অতি উলাহ-মালহেৰে ঈদ-উল-ফিৎৰ উদযাপন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত মহা আয়োজন চলা পৰিলক্ষিত হৈছে। শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বহন কৰি অহা ঈদ-উল-ফিৎৰৰ প্ৰস্তুতি সম্পন্ন হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শোনিতপুৰ জিলাৰ তেজপুৰতো।