মুৰাঝাৰঃ পৱিত্ৰ ঈদ-উদ-জোহাৰ সামৰণিত ৪ চেপ্টেম্বৰৰ সন্ধিয়া অগ্ৰণী স্বেচ্ছেসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ লাইব্ৰেৰী হলত ঈদ মিলন শীৰ্ষক এক কাৰ্যসুচী আয়োজিত হৈ যায়৷ জাতি, ধৰ্ম নিৰ্বিশেষে হোজাই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে উক্ত ঈদ মিলন কাৰ্যসুচীত অংশগ্ৰহণ কৰে৷
এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোজাইৰ জ্যেষ্ঠ এডিচি অনিমেষ তালুকদাৰ৷ মৰ্কজুল মা’আৰিফৰ কাৰ্যবাহী সভাপতি শ্বামছুল হক চৌধুৰীয়ে সভাপতিত্ব কৰা আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে আঁত ধৰা কাৰ্যসুচীত ঈদ মিলন আৰু ভ্ৰাতৃত্ববোধৰ বিষয়ে মূল্যবান বক্তব্য আগবঢ়ায় যথাক্ৰমে সাহিত্যকৰ্মী অনুপ কুমাৰ বৰঠাকুৰ, সমাজকৰ্মী প্ৰদীপ কয়েল, সাংবাদিক তথা অধ্যাপক পীযুষ নন্দী, ক্ৰীড়া সংগঠক কমল দত্ত, হোজাই জালালীয়াৰ শিক্ষক মৌলানা শ্বামছুদ্দিন আৰু অন্যান্যসকলে৷