ডিজিটেল ডেস্কঃ আপুনি নগৰৰ বাসিন্দা নেকি? ঘৰত এচি, ফ্ৰিজ বা ৱাশ্বিং মেছিন আছে নেকি? যদি আছে তেন্তে আপুনি চৰকাৰৰ পৰা কোনোধৰণৰ সহায় বিচৰা অনুচিত। সহায় বিচাৰি গ’লেও চৰকাৰে আপোনাক কোনোধৰণৰ সহায় নকৰে।

এই তিনি সম্পদৰ যিকোনো এপদ থাকিলেই চৰকাৰৰ সকলোধৰণৰ জনকল্যাণমূলক আঁচনিৰ পৰা বাদ পৰিব আপুনি। এনে এক পৰিকল্পনাই হাতত লৈছে কেন্দ্ৰ চৰকাৰে। বিবেক দেৱৰায় কমিটিয়ে চৰকাৰক দিছে এই প্ৰস্তাৱ। এই কমিটিৰ প্ৰস্তাৱ গৃহীত হ’লে চৰকাৰী কোনোধৰণৰ জনকল্যাণমূলক আঁচনিৰ তিলমানো সুবিধা ল’ব নোৱাৰিব আপুনি।

বিবেক দেৱৰায় কমিটিৰ প্ৰস্তাব মানিলে নগৰাঞ্চলৰ প্ৰতি ১০ টা পৰিয়ালৰ ৬ টা পৰিয়াল এই ছাৰ্ভেৰ আওতালৈ আহিব যে তেওঁলোক প্ৰকৃততে চৰকাৰী সুবিধা পোৱাৰ যোগ্য হয়নে নহয়। ৪টা কোঠাৰ ফ্লেট অথবা এয়াৰকণ্ডিশ্যন, অথবা ৪ চকাৰ গাড়ী থাকিলে অটোমেটিকেলি আপুনি এই প্ৰকল্পৰ বাহিৰলৈ যাব।

একেদৰে ফ্ৰিজ, ৱাশ্বিং মেছিন আৰু দুচকীয়া বাহন থাকিলেও আপুনি কোনো চৰকাৰী সুবিধা নাপাব। এই ক্ষেত্ৰত আপুনি জেনেৰেলেই হওক বা অবিচি, এছ চিয়েই হওক অথবা এছটি, মুঠৰ ওপৰত কোনোধৰণৰ চৰকাৰী সুবিধা নাপাব আপুনি।

বিবেক দেৱৰায় কমিটিয়ে পেছাগত, বাসস্থান আৰু সামাজিক অৱস্থানলৈ চাই জনকল্যাণমূলক আঁচনিসমূহৰ আওতালৈ কোন আহি, কোন নাহিব সেয়া ঠিক কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আনহাতে যিসকল গৃহহীন বা মাটিৰ ঘৰত থাকে, অনুন্নত জীৱন কটািছে সেইসকল অটোমেটিকেলি এই আঁচনিৰ আওতালৈ আহিব।

কমিটিৰ প্ৰস্তাৱ অনুযায়ী এই ক্ষেত্ৰত শূন্যৰ পৰা ১২ পৰ্যন্ত ইনডেস্ক স্কেল থাকিব। এই স্কেলত অৱস্থান অনুযায়ী ঠিক কৰা হ’ব কোনে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব আৰু কোনে নকৰে। চৰকাৰে এই পৰামৰ্শ মানি ল’লে দেশলৈ আমূল পৰিৱৰ্তন আহিব বুলি বিশেষজ্ঞসকলে আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে বৰ্তমান দৰিদ্ৰসকলক বঞ্চিত কৰি বহু ধনী লোকেও চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰি আছে।