ডিজিটেল ডেস্কঃ আপুনি নগৰৰ বাসিন্দা নেকি? ঘৰত এচি, ফ্ৰিজ বা ৱাশ্বিং মেছিন আছে নেকি? যদি আছে তেন্তে আপুনি চৰকাৰৰ পৰা কোনোধৰণৰ সহায় বিচৰা অনুচিত। সহায় বিচাৰি গ’লেও চৰকাৰে আপোনাক কোনোধৰণৰ সহায় নকৰে।
এই তিনি সম্পদৰ যিকোনো এপদ থাকিলেই চৰকাৰৰ সকলোধৰণৰ জনকল্যাণমূলক আঁচনিৰ পৰা বাদ পৰিব আপুনি। এনে এক পৰিকল্পনাই হাতত লৈছে কেন্দ্ৰ চৰকাৰে। বিবেক দেৱৰায় কমিটিয়ে চৰকাৰক দিছে এই প্ৰস্তাৱ। এই কমিটিৰ প্ৰস্তাৱ গৃহীত হ’লে চৰকাৰী কোনোধৰণৰ জনকল্যাণমূলক আঁচনিৰ তিলমানো সুবিধা ল’ব নোৱাৰিব আপুনি।