কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অাৰক্ষী কনিষ্টবল বাছনি প্ৰক্ৰিয়াক লৈ অনিয়ম সংঘটিত হোৱা বুলি জিলাই জিলাই বঞ্চিত প্ৰাৰ্থীসকলে অভিযোগ উত্থাপন কৰাৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাতো অনিয়মৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত প্ৰাৰ্থীসকলে। কালি ৱেবছাইটত ফলাফল বাহিৰ হোৱাৰ পিছতে আজি একাংশ ক্ষুব্ধ বঞ্চিত প্ৰাৰ্থীয়ে জিলা অাৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গোট খাই ন্যায় বিচাৰৰ দাবী উত্থাপন কৰাৰ লগতে কোকৰাঝাৰ জিলাৰ আৰক্ষী কনিষ্টবলৰ ৭০টা পদৰ বাবে যোৱা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত হৈ যোৱা শাৰীৰিক পৰীক্ষাত অনিয়ম হোৱা বুলি স্পষ্ট অভিযোগ কৰে।
উল্লেখ্য যে জিলাভিত্তিক শাৰীৰিক পৰীক্ষা অন্ত পৰাৰ পিছত কালি অাৰক্ষীৰ মুখ্য কাৰ্যালয়ে লিখিত পৰীক্ষাৰ বাবে নাম তালিকা ৱেবচাইটত প্ৰকাশ কৰে । লিখিত পৰীক্ষাৰ বাবে যোগ্যতা অাহৰণ কৰা প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰাৰ পিছেতই কেবাখনো জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু বঞ্চিত ক্ষুব্ধ প্ৰাৰ্থীসকলে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে।