চৰাইদেউঃ যিসময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানৰ সমীপত বৈধ অনুজ্ঞাপত্ৰ থকা মদৰ বিপণীসমূহ আঁতৰ কৰাৰ বাবে চৰকাৰ-প্ৰশাসন কঠোৰ হৈ পৰিছে সেই সময়তে চৰাইদেউ জিলাত দেখা গৈছে বিপৰীত দৃশ্য।
জিলাখনৰ সোণাৰি উন্নয়নখণ্ডৰ অধীনৰ ভজো গাঁও পঞ্চায়তে ভাড়া দিয়া কোঠাত অবাধে প্ৰশাসনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি চলি আছে অবৈধ মদৰ বিপণী। ভজো গাঁও পঞ্চায়তৰ কোঠা দোকান দিয়াৰ বাবে ভাড়াত লৈ আজি প্ৰায় দুবছৰ ধৰি জনৈক খামপাই নামৰ এজন যুৱকে চলাই আছে অবৈধ মদৰ ব্যৱসায়।