বিহালীঃ দৰিদ্ৰ ঘৰৰ সন্তান নইনা মুণ্ডাই সৰুৰে পৰা দৰিদ্ৰতা দেখি আহিছে৷ দৰিদ্ৰ ঘৰখনত দুবেলা-দুমঠি খাবলৈ নাপায় কিশোৰ অৱস্থাত ঘৰৰ পৰা ওলাই আহিছিল৷ পঢ়া-শুনা এৰি পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব লৈ পুৱাৰে পৰা গধুলিলৈ কপালৰ ঘাম মাটিত পেলাইছিল নইনাই৷ ঘৰৰ পৰা ওলাই আহি ইঘৰ-সিঘৰত প্ৰতিদিনে দিন হাজিৰা কৰিবলৈ ধৰে৷ এনেকৈয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছিল দৰিদ্ৰ নইনাই৷
এনেকৈ ঘৰৰ পৰা কামৰ বাবে ওলাই আহি এদিন প্ৰেমত পৰে এগৰাকী যুৱতীৰ৷ প্ৰায় ২০-২২ বছৰত বয়সত নইনাই পৰিয়ালক যুৱতীগৰাকীক পচণ্ড হোৱা বুলি কয়৷ ইটো পৰিয়ালে সিটো পৰিয়ালৰ সৈতে আলোচনা কৰাৰ অন্তত নইনা বিবাহপাশত আবদ্ধ হয় যুৱতীগৰাকীৰ সৈতে৷ বিশ্বনাথ জিলাৰ বিহালীৰ কুলাগুৰিৰ জাৰণি গাঁৱৰ নইনাই বিবাহপাশত আবদ্ধ হয় সুহাগী মুণ্ডাৰ সৈতে৷ সুহাগী মুণ্ডাৰ সৈতে সুখে-দুখে সংসাৰ চলাবলৈ আৰম্ভ কৰে নইনাই৷