Home ৰাজ্যবংগ সীমান্তত আৰক্ষীৰ অবৈধ ধন সংগ্ৰহ

বংগ সীমান্তত আৰক্ষীৰ অবৈধ ধন সংগ্ৰহ

by News Desk
53 views
A+A-
Reset

গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ সোণকোষ নদীৰ সমীপত বংগ আৰক্ষী সহযোগত মানি চেৰেটিবল ট্ৰাষ্ট নামৰ এটি সংস্থাই ট্ৰাক চালকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ ঘটনাই ট্ৰাক চালকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 
সংস্থাটোয়ে প্ৰতিখন ট্ৰাকৰ পৰা তিনিশ টকা (৩০০) আদায় লোৱাৰ পৰিবৰ্তে এখন কৈ ষ্টিকাৰ দিয়ে। যিসকল চালকে দাবী কৰা মতে ধন আদায় নিদিয়ে, সেই সকল চালকক মাৰপিট কৰি বলপূৰ্বক টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। 
এই কাৰ্যত বংগ আৰক্ষীয়ে সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উঠিছে। ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে ধন সংগ্ৰহ কৰাৰ পাছতো বংগ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্যৰ শাসনৰ গাদীত থকা তৃণমূল কংগ্ৰেছ চৰকাৰৰ তথা অসম চৰকাৰৰ আৰক্ষী বিভাগক সমালোচনা কৰিছে স্থানীয় মহলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0