newsnextone.com। মৰিয়নীঃ মৰিয়নীত বনবিভাগৰ চকুৰ সন্মুখতে নিতৌ ভোগদৈ নৈৰ বুকুত ৰাতি আন্ধাৰৰ সুযোগ লৈ বালি মাফিয়াই চলাইছে বালিৰ অবাধ লু্ণ্ঠন। জৈৱ সংবেদনশীল অঞ্চল হোৱা স্বত্বেও একাংশ লোকে গেৰুৱা দলৰ বসন পিন্ধি বালিৰ চোৰাং বেহাত নামি পৰা দেখা গৈছে।

মৰিয়নীৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু জিলা পৰিবহন আৰু শুল্ক বিভাগে অভিযান চলাই মৰিয়নী ২ নং ৱাৰ্ডৰ গান্ধীনগৰৰ অনিম দাস নামৰ এজন ব্যক্তিক অকতৃত্বশীলভাবে চৰকাৰী মাটিত মজুত ৰখা বৃহ্ৎ পৰিমানৰ চোৰাং বালিসহ জব্দ কৰিবলৈ সক্ষম হয়।

ব্যক্তিজনে নগা পাহাৰৰ পৰা চোৰাংকৈ অনা কয়লাও মজুত কৰি ৰখিছিল৷ অভিযানত তিনিখনকৈ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ ট্ৰাককেইখনৰ নম্বৰ এএচ ০১-এচি-১৬৭৯, এএচ-১৮ চি ৩৮৫২, এএচ-১৮ চি-৫৯৭৫৷

অভিযানকাৰী আৰক্ষী দলটোৱে মাটিখিনিৰ পৰা ক্ৰেনৰ সহায়ত ট্ৰাক তিনি খন জিলা পৰিবহণ বিভাগে বাহিৰলৈ আতৰাই ৰাখি,যাৱতীয় নথিপত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ মৰিয়নী ৰাজহ চক্ৰ বিষয়া মিৰজানা আহমেদৰ উপস্থিতিত মৰিয়নী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল দত্ত আৰু আৰক্ষীৰ এটা দলৰ সহযোগত চৰকাৰীভাৱে মাটিখিনি চীল কৰা হয়৷

আনহাতে ভোগদৈ নদীত অবৈধ বালি মহলৰ চোৰাং ৰমৰমীয়া ব্যৱসায় চলাই যোৱা পথটো মৰিয়নী আঞ্চলিক বন বিভাগে জেচিবিৰ সহায়ত নলা খান্দি সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়ে৷ এই সমগ্ৰ অভিযানটো তাৎক্ষণিকভাৱে চৰকাৰী পাঁচটাকৈ বিভাগে গ্ৰহণ কৰা যুটীয়া অভিযান আছিল৷