newsnextone.com। মৰিয়নীঃ মৰিয়নীত বনবিভাগৰ চকুৰ সন্মুখতে নিতৌ ভোগদৈ নৈৰ বুকুত ৰাতি আন্ধাৰৰ সুযোগ লৈ বালি মাফিয়াই চলাইছে বালিৰ অবাধ লু্ণ্ঠন। জৈৱ সংবেদনশীল অঞ্চল হোৱা স্বত্বেও একাংশ লোকে গেৰুৱা দলৰ বসন পিন্ধি বালিৰ চোৰাং বেহাত নামি পৰা দেখা গৈছে।
মৰিয়নীৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু জিলা পৰিবহন আৰু শুল্ক বিভাগে অভিযান চলাই মৰিয়নী ২ নং ৱাৰ্ডৰ গান্ধীনগৰৰ অনিম দাস নামৰ এজন ব্যক্তিক অকতৃত্বশীলভাবে চৰকাৰী মাটিত মজুত ৰখা বৃহ্ৎ পৰিমানৰ চোৰাং বালিসহ জব্দ কৰিবলৈ সক্ষম হয়।