বোকাজানঃ তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থকাৰ সময়তে একাংশ চতুৰ ব্যৱসায়ীয়ে বন বিভাগৰ বৈধ নথি-পত্ৰ অবিহনেই অসমৰ পৰা নগালেণ্ডলৈ কৌশলেৰে বালি সৰবৰাহ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে৷ শনিবাৰে কাৰ্বি আংলঙৰ কয়লামাটিৰ পৰা ডিমাপুৰলৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এনে অবৈধ বালি সৰৱৰাহ কৰা পাঁচখনকৈ ট্ৰাক বোকাজান আৰক্ষীয়ে জব্দ কৰে৷ 

প্ৰথম অৱস্থাত চালকে চাউল অনা বুলি কৈ চালান দেখুৱাইছিল যদিও পাছত থানাত আৰক্ষীয়ে বালিৰ চালান আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আৰক্ষীয়ে জনোৱা মতে কোনো প্ৰতিষ্ঠানৰ নিৰ্মাণকাৰ্যৰ বাবে বালিখিনি আনিছে যদিও তদন্তৰ পাছতহে সেয়া নিশ্চিত হ’ব বুলি জানিবলৈ দিয়াৰ লগতে কোনো আসোঁৱাহ পালে জৰিমনা আদায় কৰা হব বুলি কয়৷ 

কিন্ত প্ৰথম অৱস্থাত কিয় ট্ৰাক কেইখনত চাউল বোজাই আছে বুলি চালকে ক’লে সেয়া ৰহস্যজনক৷ আনহাতে বোকাজানৰ বনবিভাগৰ চকুৰ সমুখতেই এনে ভুৱা চালানেৰে বহিৰাজ্যলৈ বালি সৰবৰাহ ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে যদিও ধৰা পৰাৰ পাছত ক’ৰ পৰা তাৎক্ষণিকভাৱে চালান প্ৰস্তুত হৈ আহে সেয়াও আশ্চৰ্যৰ বিষয়৷ আৰক্ষীৰ জালত পৰা ট্ৰাককেইখনৰ নম্বৰ হ'ল ক্ৰমে NL-07-A-1633, NL-07-A-1120, NL-07-A-0393, NL-07-A-6190 আৰু BR-55-G-1321।