বোকাজানঃ তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থকাৰ সময়তে একাংশ চতুৰ ব্যৱসায়ীয়ে বন বিভাগৰ বৈধ নথি-পত্ৰ অবিহনেই অসমৰ পৰা নগালেণ্ডলৈ কৌশলেৰে বালি সৰবৰাহ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে৷ শনিবাৰে কাৰ্বি আংলঙৰ কয়লামাটিৰ পৰা ডিমাপুৰলৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এনে অবৈধ বালি সৰৱৰাহ কৰা পাঁচখনকৈ ট্ৰাক বোকাজান আৰক্ষীয়ে জব্দ কৰে৷
প্ৰথম অৱস্থাত চালকে চাউল অনা বুলি কৈ চালান দেখুৱাইছিল যদিও পাছত থানাত আৰক্ষীয়ে বালিৰ চালান আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আৰক্ষীয়ে জনোৱা মতে কোনো প্ৰতিষ্ঠানৰ নিৰ্মাণকাৰ্যৰ বাবে বালিখিনি আনিছে যদিও তদন্তৰ পাছতহে সেয়া নিশ্চিত হ’ব বুলি জানিবলৈ দিয়াৰ লগতে কোনো আসোঁৱাহ পালে জৰিমনা আদায় কৰা হব বুলি কয়৷