নামতিঃ সমাজৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে জনাই অহা অভিযোগ-প্রতিবাদক অৱজ্ঞা কৰি শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ অন্তর্গত নামতি সমীপৰ বেলিমুখীয়া ডিব্রুৱাল গাঁও আৰু তাৰ আশে-পাশে পূর্ণ উদ্যামেৰে চলি আছে অবৈধ চুলাইৰ ৰমৰমীয়া বেহা৷ অবৈধ চুলাইৰ মদৰ ঘাটি সমূহে বিনষ্ট কৰিছে শৈক্ষিক তথা সামাজিক পৰিৱেশো।
এই চুলাই মদৰ ঘাটিয়ে বৰবিহ বিয়পায় নৱপ্রজন্মক পংগু কৰি ধ্বংস মুখলৈ ঠেলি দিছে। অঞ্চলটোত থকা অসংখ্য অবৈধ চুলাইৰ ঘাটি সমূহত সন্ধিয়া হোৱাৰ লগে লগে একাংশই মদ্যপান কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে উক্ত ঘাটি সমূহত দুই-এক শিক্ষক-ছাত্রৰো প্রৱেশ ঘটা কাণ্ডই সমাজলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি উদ্বেগ প্রকাশ কৰিছে সচেতন মহলে৷