নলবাৰীঃ নলবাৰী সদৰ থানাৰ অন্তৰ্গত সমগ্ৰ বাহঁজানী অঞ্চলত দিনে নিশাই এচাম দুষ্ট চক্ৰই চলাই আহিছে তীৰ, জুৱা-মদৰ ৰমৰমীয়া বেহা। প্ৰাপ্ত অভিযোগ অনুসৰি বাহঁজানীৰ খোলা বজাৰত দুষ্ট চক্ৰটোৱে দিনে নিশাই তীৰৰ টিকট অবাধে বিক্ৰী কৰাৰ লগতে চলাই আহিছে জুৱা খেল আৰু মদৰ ৰমৰমীয়া বেহা।
বিশেষকৈ বাহঁজানীৰ প্ৰতিটো চ’কৰ দোকানৰ পিচপিনে এনে ধৰনৰ অসামাজিক কাৰ্য্যকলাপ চলে বুলি অভিযোগত প্ৰকাশ৷ উল্লেখ্য যে, উক্ত অসামাজিক খেল সমূহৰ লগত নৱ প্ৰজন্মৰ লগতে কিছু সংখ্যক স্কুলীয়া ছাত্ৰ সকলো আসক্ত হোৱা পৰিলক্ষিত হৈছে।