চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক ৰূপত বন বিভাগৰ চকুৰ সন্মুখতে চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰ অব্যাহত আছে৷
এই বাতৰি News Next Oneত প্ৰকাশ পোৱাৰ পাছত বহু দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনমন্ত্ৰীক সমালোচনা কৰিছিল। যাৰ ফলত বন বিভাগে বহু ঠাইত মিলসমূহ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে যদিও আজিও তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰক্ষ্মপুত্ৰৰ বুকুৱেদি দিনে-নিশাই সৰবৰাহ হৈ আছে চোৰাং কাঠৰ শ শ চালি।