চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক ৰূপত বন বিভাগৰ চকুৰ সন্মুখতে চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰ অব্যাহত আছে৷

এই বাতৰি News Next Oneত প্ৰকাশ পোৱাৰ পাছত বহু দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনমন্ত্ৰীক সমালোচনা কৰিছিল। যাৰ ফলত বন বিভাগে বহু ঠাইত মিলসমূহ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে যদিও আজিও তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰক্ষ্মপুত্ৰৰ বুকুৱেদি দিনে-নিশাই সৰবৰাহ হৈ আছে চোৰাং কাঠৰ শ শ চালি।

অৰুণাচলৰ লগতে বহু অঞ্চলৰ মূল্যৱান গছসমূহ কাটি একাংশ বৃহৎ অসাধু ব্যৱহায়ীয়ে চোৰাং কাঠৰ সৰবৰাহ কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায়।

ইফালে ডিব্ৰু চৌখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ চকুৰ সন্মুখেৰেই শ শ কাঠৰ চালি সৰবৰাহ হৈ আহিছে৷ এই সকলোবিলাক দেখিও কেইটামান কাঠৰ মিল বন্ধ কৰিয়েই নিজৰ দায়িত্ব সামৰিব খুজিছে তিনিচুকীয়া, ডিব্ৰুগড়ৰ বন বিভাগে।

পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনে বনধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ হাতত ল’ব সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।