গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমি কৰ্তৃপক্ষৰ বিৰুদ্ধে নিজ কলেজৰ ছাত্ৰ-ছাত্ৰীক নকল যোগান ধৰাৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ খোদ সংবাদমাধ্যমক এই এই অভিযোগ উত্থাপন কৰে শংকৰদেৱ একাডেমিৰ অধ্যক্ষ অভয় কাকতিয়ে।
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাত শংকৰদেৱ একাডেমিৰ স্বত্বাধিকাৰী মদন কুমাৰে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত নকল যোগান ধৰিবলৈ অধ্যক্ষ অভয় কাকতিক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অধ্যক্ষ অভয় কাকতিক হেঁচা দিয়ে। অধ্যক্ষই নকল যোগান ধৰিবলৈ অস্বীকাৰ একাডেমিৰ পৰা ছাটাই কৰে অধ্যক্ষ অভয় কাকতিক৷