তিনিচুকীয়াঃ উদ্যোগপতি মুকেশ আম্বানিৰ পুত্ৰৰ বিয়াত চোৰাং হাতী যোগান ধৰাৰ অভিযোগ উত্থাপিত ইমৰাণ ছিদ্দিকী পুনৰ সাঙোৰ খাই পৰিছে বিতৰ্কত। তিনিচুকীয়াৰ সৰ্বসাধাৰণৰ মাজত 'হাতীচোৰ’ হিচাপে পৰিচিত ইমৰাণৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে এজন নিৰীহ যুৱকক ৰাজপথত সংজ্ঞাহীন হৈ পৰাকৈ প্ৰহাৰ কৰাৰ অভিযোগ। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনৰ পৰিয়ালে চিচিটিভিৰ ফুটেজসহ স্থানীয় আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে যদিও এইপৰ্যন্ত পলাতক হৈ আছে অভিযুক্ত ইমৰাণ।

নিৰীহ যুৱকক ৰাজপথত কিয় প্ৰহাৰ কৰিছিল ইমৰাণ ছিদ্দীকিয়ে?

ঘটনাৰ স্থান নিউ তিনিচুকীয়া ৰেল ষ্টেশ্যন। ইয়াতে যোৱা ১১ মাৰ্চত দিনৰ প্ৰায় ২ বাজি ৩০ বজাত কুৰিয়াৰ সেৱা প্ৰতিষ্ঠান ই-কাৰ্টৰ সামগ্ৰী নমাই থকাত ব্যস্ত হৈ আছিল তিনিচুকীয়া চহৰৰ গাতে লাগি থকা দহোতীয়া চুক পথৰ ককৰাতলি গাঁও নিবাসী ঋতুৰাজ গগৈ। নিজৰ বাহনৰ পৰাই সামগ্ৰীসমূহ নমাই আছিল ঋতুৰাজে।

সামগ্ৰীসমূহ নমাই থকা অৱস্থাতে অসাৱধানবশতঃ এটা টোপোলা বাগৰি গৈ সেই স্থানত ৰৈ থকা বৰহাপজান নিবাসী তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ ৰয়েল ইষ্টেট নামৰ বাণিজ্যিক প্ৰতিষ্ঠানটোৰ গৰাকী ইমৰাণ ছিদ্দীকিৰ ভৰিত পৰে। ইয়াতে খৰ্গহস্ত হৈ পৰে ইমৰাণ। প্ৰথম অৱস্থাত ইমৰাণে যুৱকজনক কটু ভাষাৰে গালি-গালাজ কৰে। গালি-গালাজতে ক্ষান্ত নাথাকি আইন হাতত তুলি লৈ ইমৰাণে ঋতুৰাজক নিৰ্মমভাবে প্ৰহাৰ কৰি মূমুৰ্ষ অৱস্থাত পেলাই থৈ সেই স্থানৰ পৰা আতৰি যায়৷ 

পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে মূমুৰ্ষ অৱস্থাত পথতে পৰি থকা আঘাতপ্ৰাপ্ত ঋতুৰাজ গগৈক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে৷ ইফালে ঘটনা সন্দৰ্ভত ঋতুৰাজৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে হিজুগুৰি আৰক্ষী চকীত ঘটনাৰ সৱিশেষ বিৱৰণ উল্লেখ কৰি চিচি কেমেৰাৰ ভিডিঅ’ ফুটেজসহ এজাহাৰ দাখিল কৰে৷ 

আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

যোৱা ১১ মাৰ্চতে চিচিটিভিৰ ফুটেজসহ ঋতুৰাজৰ পৰিয়ালে  হিজুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত অভিযুক্ত ইমৰাণ ছিদ্দীকিৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে উদ্যোগপতি মুকেশ আম্বানিৰ পুত্ৰৰ বিয়াত চোৰাং হাতী যোগান ধৰাৰ অভিযোগ উত্থাপিত ইমৰাণৰ পিতৃ মমতাজ ছিদ্দিকীয়ে হাতীৰ লগতে গৰুৰো চোৰাং বেহা চলাই অহাৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় দল-সংগঠনসমূহে।

আনহাতে, ইমৰাণৰ বিৰুদ্ধে বিভিন্ন সময়ত অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ অভিযোগ থকাৰ পিছতো দুষ্কৃতিকাৰীজনক কৰায়ত্ত কৰাৰ সাহস দেখুৱাব নোৱৰাৰ লগতে আইন হাতত তুলি লৈ আৰক্ষী প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰাৰ কথাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়াত৷ ধনবলৰ জোৰতেই কুখ্যাত অপৰাধীজনে এনেদৰে পলাতক অৱস্থাত মুক্ত আকাশৰ তলত নিৰ্বিঘ্নে ঘূৰি ফুৰিবলৈ সক্ষম হৈছে নেকি বুলি প্ৰশ্ন কৰি আৰক্ষীৰ এনে বিফলতাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনে৷ 

ইফালে, অভিযুক্ত ইমৰাণক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনাই তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছে সদৌ অসম গাড়ী চালক সন্থাই৷ ইয়াৰ অন্যথাই খিলঞ্জীয়া অসমীয়াৰ ওপৰত বহিৰাগতৰ এনে অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৰ লগতে স্থানীয় ৰাইজে।