ডিজিটেল ডেস্কঃ ভাৰতীয় নাগৰিকৰ যৌন আকাংক্ষা মুঠেও নাই। যৌনতাৰ প্ৰতি এই দেশৰ লোকসকল মুঠেও আকৰ্ষিত নহয়। মুঠতে ভাৰতবৰ্ষত যৌনতা নিষিদ্ধ। তিক্ত হৈ এই কটাক্ষ কৰিছে অভিনেত্ৰী বিদিতা বাগে।

তেওঁ অভিনয় কৰিছে 'বাবুমছাই বন্দুকবাজ' নামৰ ছবিখনত। হিন্দী চলচ্চিত্ৰখনে অহা ২৫ আগষ্টত মুক্তিলাভ কৰিব। ছবিখনৰ নায়ক হৈছে নৱাজুদ্দিন ছিদ্দিকী। কিন্তু মুক্তিৰ পূৰ্বে ছবিখনৰ পৰিচালক কুশান নন্দী উদ্বিগ্ন হৈ পৰিছে।

কিয়নো 'বাবুমছাই বন্দুকবাজ' ৰোষত পৰিছে চেঞ্চৰ বোৰ্ডৰ। তথ্য অনুসৰি ছবিখনৰ ৪৮টা দৃশ্যৰ ওপৰত চেঞ্চৰ বোৰ্ডে কেচি চলাইছে। কাটি দিয়া হৈছে নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্য।

চেঞ্চৰ বোৰ্ডৰ অধ্যক্ষ পহলাজ নিহালনীৰ এই কাৰ্যক লৈ জাঙুৰ খাই উঠিছে অভিনয়জগত। নিজকে সংস্কাৰী দেখুৱাবলৈ গৈ তেওঁ এই কাম কৰা বুলি চৰ্চিত হৈছে।

CLICK: সন্ত্ৰাসবাদৰ ঘাটি মধ্যপ্ৰাচ্যৰ সহায় ল'ব লাফিকুলৰ ভাতৃয়ে!

যিসময়ত 'গ্ৰেণ্ড মস্তি'ৰ দৰে অশ্লিল ছবি প্ৰদৰ্শনৰ অনুমতি দিয়া হৈছে সেই সময়ত এখন কলাত্মক ছবিৰ বিৰুদ্ধে নিহালনীৰ দৃষ্টিভংগীয়ে হতাশ কৰিছে অভিনেত্ৰী বিদিতাক।