খেৰণিঃ অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প আৰু অতি প্ৰাচীন কৃষিভিত্তিক গ্ৰাম্য উদ্যোগ। অসমৰ প্ৰায় ৭০০০ খনতকৈ অধিক গাঁৱৰ প্ৰায় ২ লাখ পৰিয়ালে ৰেচম শিল্পৰ লগত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত। অসমত এৰী, মুগা, পাট আৰু টচৰ এই ৪ বিধ পলুৰ পালন কৰে এই শিল্পৰ সৈতে জড়িত কৃষক ৰাইজে৷ অৱশ্যে ইয়াৰে ভিতৰত এৰী শিল্পৰ লগত অসমৰ প্ৰায় ডেৰ লাখ পৰিয়াল জড়িত হৈ আছে।
কাৰ্বি-আংলং, কোকৰাঝাৰ, লক্ষিমপুৰ, ধেমাজী, কামৰূপ, গোৱালপাৰা, যোৰহাট, দৰং আদি জিলাত এৰী পলু পালন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে এই শিল্প তথা গ্ৰাম্য উদ্যোগে অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ৷ আৰম্ভনীতে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে৷