newsnextone.com | কোকৰাঝাৰঃ বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰৰ নিকটত থকা চেন্ট্ৰেল চিলেক্সন বোৰ্ড চমুকৈ চিএছবিৰ নৱনিৰ্মিত কাৰ্যালয়টো শনিবাৰে আনুষ্ঠানিকভাৱে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰে ৷
প্ৰায় তিনি কোটি ষাঠি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হোৱা চিএছবিৰ তিনি মহলীয়া নৱনিৰ্মিত কাৰ্যালয়টো আজি দিনৰ প্ৰায় ১১ বজাত উদ্ধোধন কৰাৰ পিছতেই বিটিচি সচিবালয় প্ৰাংগণত তথা বডোফানগৰত কৃষি বিভাগে আয়োজন কৰা ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানতো অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে।