65
কোকৰাঝাৰঃ ভাৰতীয় সেনাৰ তৃতীয় ৰাজপুত ৰেজিমেন্টৰ অপাৰেচন সদ্ভাৱনা আঁচনিৰ উদ্যোগত দেওবাৰে কোকৰাঝাৰৰ পৰা ২০ গৰাকী ছাত্ৰই মুম্বাই, পুনে আৰু গোৱা অভিমুখে যাত্ৰা আৰম্ভ কৰে৷
দেশৰ বিভিন্ন ঐতিহাসিক স্থান সমূহ পৰিদৰ্শনেৰে ছাত্ৰ সকলক দেশৰ ঐক্যতা, অখণ্ডতাৰ বিষয়ে সম্যক জ্ঞান দিবলৈ কোকৰাঝাৰৰ পাথৰঘাটৰ তৃতীয় ৰাজপুত ৰেজিমেণ্টৰ কেম্পৰ পৰা আৰম্ভ কৰা যাত্ৰা আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰাম্ভ কৰে বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই।