ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থাৰ তথ্য মতে দেশৰ ভিতৰতে কৃষকৰ আত্মহত্যাত দ্বিতীয় স্থানত আছে তেলেংগানা ৰাজ্য৷ বহুবাৰ ৰাজ্যসভাৰ কথাটো উত্থাপন হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে কেন্দ্ৰীয় চৰকাৰৰ৷ খোদ তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰী মোডীক অৱগত কৰাৰ পিছতো বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷
ৰাৱে কয়, মই এই বিষয়ে মোডীলৈ চিঠি লিখাৰ উপৰিও মন্ত্ৰীসকলে ২০ বাৰৰো অধিক মোডীক কৃষকৰ সমস্যাৰ কথা জনাইছে৷ কংগ্ৰেছ আৰু বিজেপি মাজত কোনো পাৰ্থক্য নাই বুলি কৈ বিজেপি, কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কয়। যোৱা ৭০ বছৰত চৰকাৰ সলনি হৈছে যদিও কৃষকৰ সমস্যা সমস্যা হৈয়ে ৰৈছে।