ৰঙিয়া/নগাঁওঃ শাসকীয় দল বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া আৰু নগাঁও জিলাতো স্বাধীনতা দিৱস পালন কৰে৷ নগাঁৱৰ হাতীচোং মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ বটদ্ৰৱা শাখাৰ উদ্যোগত দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰে৷
মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাত বিশিষ্ট অতিথি হিচাপে এবিভিপিৰ ৰাজ্যিক যুটীয়া সম্পাদক বিশ্বজিৎ খাউণ্ড, বিশিষ্ট লেখক সত্যৰঞ্জন বৰা, মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা, এবিভিপিৰ নগাঁও জিলা সংযোজক ৰাজু ৰয়, যুৱ শিল্প উদ্যোগী অচিন্ত প্ৰাণ শৰ্মা, এবিভিপিৰ বটদ্ৰৱা শাখাৰ সভাপতি জ্যোতিময় হাজৰিকা, সম্পাদক নিলোৎপল শইকীয়া, প্ৰচাৰ সম্পাদক সঞ্জীৱ বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে৷