খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত উলহ-মালহৰে পালন কৰা হয় স্বাধীনতা দিৱস৷ একাধিক উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা কাৰ্বি আংলং বন্ধৰ আহ্বানক নেওচি আজি পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, জেংখা, ডংকামোকাম, মাইলু, হাৱাইপুৰ, দয়াংমুখ, জেৰিকিন্দেং আদি বিভিন্ন প্ৰান্তত বিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যক্তিগত অনুষ্ঠান আদিয়ে স্বাধীনতা দিৱস পালন কৰে৷
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামস্থিত ৰংখাং খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ে তিনিদিনীয়া কাৰ্যসুচীৰে স্বাধীনতা দিৱস পালন কৰে৷ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ে বৃহত্তৰ ডংকামোকাম অঞ্চলত চাফাই অভিযান, ডংকামোকামৰ ৰাম ৰংপি প্ৰাথমিক বিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসুচী ৰূপায়ণ কৰে৷