newsnextone.com | ডিজিটেল ডেস্কঃ ঈদৰ আনন্দত ১০০গৰাকী লোকৰ সৈতে চেনেহৰ আলিংগন কৰি বিপদত পৰিল আলীশা মালিক নামৰ এগৰাকী যুৱতী৷ ঈদৰ বাবে আয়োজন কৰা অনুষ্ঠানত মুৰাদাবাদৰ যুৱতীগৰাকীয়ে এশগৰাকী লোকক আলিংগন কৰিছিল৷ 

যাৰ বাবে বিপদত পৰিছে যুৱতীগৰাকীয়ে৷ যুৱতীগৰাকীৰ বিৰুদ্ধে নিজ পৰিয়াল আৰু ধৰ্মকলৈ ধেমালি কৰা বুলি অভিযোগ উত্থাপন কৰে৷ একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে সংবাদ মাধ্যমত প্ৰচাৰ বিচাৰি ঈদৰ দৰে পবিত্ৰ দিনত এই কাৰ্য কৰা বুলি কয়৷

বিভিন্ন লোকে আক্ৰমণ কৰাত যুৱতীয়ে শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি স্পষ্টিকৰণ দিব লগা হয়৷ মোৰ কোনো বেয়া মনোভাৱ নাছিল৷ মই বিচাৰিছোঁ মানুহে ৰক্ষণক্ষীল চিন্তাৰ পাৰ মুক্ত হওক৷ কিন্তু ছ’চিয়েল মিডিয়াত সকলো ভিডিঅ’ সম্পাদনা কৰি প্ৰকাশ কৰা হৈছে৷

ইমানে নহয় তেওঁৰ কোনো বেয়া মনোভাৱ নাছিল বুলি কৈ ঈদৰ বাবে আৰু শুভেচ্ছা যাচিবৰ বাবেহে মই ১০০গৰাকী লোকক আলিংগন কৰিছোঁ মিডিয়াত প্ৰচাৰ বিচাৰি কৰা নাই বুলি কয়৷

মানুহে মোৰ পৰিয়ালক মেচেজ দি ধৰ্ম আৰু পৰিয়ালক সন্মান হানি কৰা বুলি কবলৈ আৰম্ভ কৰিছে৷ মই নিজেই নাজানো ভিডিঅ’ কিয় আৰু কেনেকৈ ভাইৰেল হ’ল৷