newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰৰ দৰিদ্ৰতা নিৰ্মূল হোৱা নাই৷ এতিয়াও হাজাৰ হাজাৰ কৃষকে দৰিদ্ৰতাৰ টঙালিখন খুলি থব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি লৈছে৷ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশত কেইবাজনো লোকে এসাজ ভাতৰ অভাৱত মৃত্যু মুখত পৰিছে৷ এসাজ ভাতৰ বাবে এতিয়াও জীৱনৰ সৈতে সংগ্ৰাম কৰি আছে কোটি কোটি ভাৰত বাসীয়ে৷ কিন্তু ভাৰতৰ অৰ্থ বৱ্যস্থাৰ উন্নতি ঘটিছে৷
বিশ্ব বেংকৰ ২০১৭ চনত জাৰি কৰা ৰিপ’ৰ্ট অনুযায়ী, বিশ্বৰ বৃহৎ অৰ্থনৈতিক ব্যৱস্থাসম্পন্ন ৰাষ্ট্ৰৰ তালিকাত ভাৰতে ৬ষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব বেংকৰ মতে, ভাৰতে ফ্ৰান্সৰ অৰ্থনৈতিক ব্যৱস্থাক চেৰ পেলাই ৬ষ্ঠ স্থান দখল কৰি বিশ্বৰ বৃহৎ অৰ্থনৈতিক ব্যৱস্থা সম্পন্ন দেশ হিচাপে স্বীকৃত হৈছে৷