newsnextone.com | ডিজিটেল ডেস্কঃ জন্মু কাশ্মীৰত ৰমজান মাহত নচলে সন্ত্ৰাসবাদ বিৰোধী অভিযান৷ কেন্দ্ৰীয় চৰকাৰে এটি নিৰ্দেশ যোগে এই কথা উল্লেখ কৰিছে৷ কিছুদিন পূৰ্বে ৰমজান মাহত সংঘৰ্ষ বন্ধ কৰিবলৈ জন্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছিল৷

কেন্দ্ৰীয় চৰকাৰে মুখ্যমন্ত্ৰীৰ আবেদন গ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক ৰমজান মাহত অভিযান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ অৱশ্যে নিৰাপত্তাৰক্ষীয়ে যদি নিজৰ প্ৰতিৰক্ষা, নিৰ্দোষী লোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে প্ৰত্যাক্ৰমণ লগা হয় সেয়া কৰিব পাৰিব৷

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে সকলো দলক একত্ৰিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কালৰ দৰে একপক্ষীয় যুদ্ধবিৰতী ঘোষণা কৰাৰ বাবে চৰকাৰ আহ্বান জনাব লাগে বুলি কৈছিল৷ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কালৰ পদ্ধতি অৱলম্বন কৰাৰ মত পোষণ কৰে৷ ২০০০ চনত বাজপেয়ী চৰকাৰে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল৷ তেনে দৰেই যুদ্ধবিৰতি ঘোষণা কৰিব লগা বুলি কয় মুফতীয়ে৷

মুফতীয়ে অভিযান আৰু সংঘৰ্ষৰ ফলত সাধাৰণ লোকৰ জীৱন ধাৰণ অসহনীয় হৈ পৰিছে বুলি কৈ পৰিৱেশ ভালৰ ফালে আনিবলৈ সকলোৱে চেষ্টা কৰা উচিত বুলি কয়৷ যাৰ দ্বাৰা অমৰনাথ যাত্ৰা আৰু ঈদ সুকলমে যাতে পাৰ হয়৷