ডিজিটেল ডেস্কঃ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ ভাষণে শনিবাৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰতিজন সদস্যক৷ ভাৰত-পাকিস্তানৰ সংঘাতৰ কথা ক’বলৈ গৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী চাহিদ খাকান আব্বাচীক ক্ষুৰধাৰ সমালোচনা কৰে৷
পাকিস্তানৰ সন্ত্ৰাস আৰু অনুন্নয়নৰ বিষয়ে প্ৰশ্ন কৰি সুষমা স্বৰাজে পাকিস্তানী প্ৰধানমন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি জবাবদিহি কৰে৷ শনিবাৰে নিশা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰদান কৰা বৈদেশিক মন্ত্ৰীগৰাকীৰ ভাষণৰ পাছতেই ৰাষ্ট্ৰসংঘৰ সকলো সদস্যই থিয় হৈ ভাষণৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়৷ শনিবাৰে নিশা প্ৰদান কৰা সুষমা স্বৰাজৰ ভাষণৰ কেইটিমান গুৰুত্বপূৰ্ণ মন্তব্য News Next Oneৰ ভিউৱাৰ্ছসকললৈ আগবঢ়োৱা হ’ল।