ডিজিটেল ডেস্কঃ কি চীন, কি পাকিস্তান- কাৰোৱে আগত টিকিব নোৱাৰিব ভাৰত। কিয়নো ভাৰতীয় সেনা বাহিনীৰ হাতত পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ মজুত নাই। এই বিস্ফোৰক তথ্য সদৰী কৰিছে কেগে।
শুকুৰবাৰে সংসদত উত্থাপন কৰা প্ৰতিবেদন মতে ভাৰতীয় সেনাবাহিনীত অস্ত্ৰ-শস্ত্ৰৰ নাটনি চৰম পৰ্যায় পাইছেগৈ। অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ ব’ৰ্ড অৰ্ডিনেঞ্চ ফেক্টৰী ব’ৰ্ড চমুকৈ ওএফবিৰ কাৰ্যদক্ষতাৰ ওপৰতো প্ৰশ্ন উঠিছে কেগৰ এই প্ৰতিবেদনত। ২০১৩ বৰ্ষৰ তুলনাত ব’ৰ্ডৰ কাৰখানাসমূহৰ কাম লেহেমীয়া হৈ পৰা বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনখনত।