ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ মঞ্চত আকৌ এবাৰ পাকিস্তানৰ মুখা খুলিলে ভাৰতে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ প্ৰতিনিধিয়ে পাকিস্তানক উদ্দেশ্যি কয়, “পাকিস্তান এতিয়া টেৰৰিস্তান৷ তাত এতিয়া এই শিল্প ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷ যাৰ দ্বাৰা সমগ্ৰ বিশ্বত সন্ত্ৰাস ৰপ্তানি কৰে পাকিস্তানে”৷
কেৱল ইমানেই নহয় ৰাষ্ট্ৰ সংঘৰ ভাৰতৰ প্ৰধান সচিব ইনম গম্ভীৰে ‘পাক’ শব্দৰ অৰ্থ সন্দৰ্ভতো পাকিস্তানক উভতি ধৰে৷ ইনমে পাক শব্দৰ অৰ্থ বিশুদ্ধ বুলি কয়৷ বিশুদ্ধ এই ভূমিত বিশুদ্ধ সন্ত্ৰাস সৃষ্টি কৰা বুলি কটাক্ষ কৰে৷ পাকিস্তানৰ ইতিহাসত ভৌগোলিক অৱস্থান সন্ত্ৰাসৰ সমৰ্থক হিচাপে পৰিচিত হৈ পৰিছে বুলিও কয় ইনমে৷